গুৱাহাটী,১৭ আগষ্ট :দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক (Essential commodities Price hike in India)। পেট্ৰ'ল-ডিজেলৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্য সামগ্ৰী, শাক-পাচলি বৰ্ধিত মূল্যই চিন্তাত পেলাইছে সাধাৰণ ৰাইজক । কিন্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে (Government failed to control price rise)। যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে দেশজুৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে ।
এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় অসম । প্ৰায় প্ৰতিদিনে অসমৰ বিভিন্ন দল-সংগঠনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে (Protest against Govt)। বুধবাৰৰ দিনটোত ৰাজ্যত কেইবাটাও সংগঠনে মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (KMSS protest in Guwahati)।
পেট্ৰ'ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত গুৱাহাটী ক্লাৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, মোডী চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি হায় হায় আদি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে ।