অসম

assam

ETV Bharat / city

বৃহৎ নদীবান্ধ কোনো প্ৰকাৰে হ'বলৈ নিদিওঁঃ অখিল গগৈ - গুৱাহাটী

খানাপাৰাস্থিত পঞ্চতাৰকা হোটেল তাজ ভিভাণ্টাত উত্তৰ–পূবৰ শক্তি মন্ত্ৰীৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ বৈঠক ৷ বৈঠকৰ সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ৷

আমি বৃহৎ নদীবান্ধ কোনো প্ৰকাৰে হ'বলৈ নিদিওঁঃ অখিল গগৈ

By

Published : Aug 27, 2019, 1:46 PM IST

গুৱাহাটী, 27 আগষ্টঃ মহানগৰীৰ খানাপাৰাস্থিত তাজ ভিভাণ্টা হোটেলত উত্তৰ–পূবৰ শক্তি মন্ত্ৰীৰে কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙৰ বৈঠক। জলবিদ্যুৎ উৎপাদন সন্দৰ্ভত অনুষ্ঠিত কৰা হয় এই বৈঠক । বৈঠকৰ সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হোটেল তাজ ভিভান্তাৰ সন্মুখত চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি হোটেল চৌহদত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে । উল্লেখ্য যে, বৃহৎ নদীবান্ধৰ বিৰুদ্ধে স্মাৰকপত্ৰ দিবলৈ গৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ।

আমি বৃহৎ নদীবান্ধ কোনো প্ৰকাৰে হ'বলৈ নিদিওঁঃ অখিল গগৈ

হোটেল তাজ ভিভাণ্টাৰ সন্মুখত অখিল গগৈক বাধা প্ৰদান কৰাৰ লগতে তাজ ভিভাণ্টাৰ সলনি প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ঠাইত কৃষক মুক্তিক প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় আৰক্ষী আয়ুক্ত দীপক কুমাৰে । আনহাতে বৃহৎ নদীবান্ধ কোনো প্ৰকাৰে হ'বলৈ নিদিওঁ বুলিও উল্লেখ কৰে কৃষক নেতা গৰাকীয়ে । চৰকাৰে বৃহৎ নদীবান্ধ বনাবলৈ যি পৰিকল্পনা কৰিছে ,সেই পৰিকল্পনা প্ৰত্যাহাৰ নকৰিলে ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

ABOUT THE AUTHOR

...view details