অসম

assam

ETV Bharat / city

হিমন্ত আৰু আজমলৰ মাজত চাচা-ভতিজাৰ সম্পৰ্ক !!

সোমবাৰে ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যই এক সংবাদমেলৰ সম্বোধণ কৰে ৷ সংবাদমেলত ভট্টাচাৰ্যই মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে তেওঁৰ দৰে চকীদাৰ দেশক পুনৰ নালাগে বুলি মন্তব্য কৰে ৷ বৰ্তমান অসমত আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি চলি থকা বুলিও কটাক্ষ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে ৷

By

Published : Apr 1, 2019, 5:45 PM IST

KISHORE BHATTACHARYA'S PRESS MEET

গুৱাহাটী, 1 এপ্ৰিল: সোমবাৰে ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যই এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত ভট্টাচাৰ্যই মোদী চৰকাৰৰ তীব্ৰ সমালোচনা কৰাৰ লগতে তেওঁৰ দৰে চকিদাৰ দেশক পুনৰ নালাগে বুলি মন্তব্য কৰে ৷ যোৱা পাঁচ বছৰৰ বিজেপি দলৰ বিফলতাসমূহ উদঙাই দি জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে কয় যে, মোদী যদি দেশৰ চকিদাৰেই হয় তেনেহ'লে দেশৰ প্ৰতিৰক্ষাৰ লগত জড়িত ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ ফাইল কিদৰে চুৰি হ'ব পালে ৷ দ্বিতীয়তে, মোদী চৰকাৰৰ জন - ধন যোঁজনাৰ অধীনত যিসমূহ একাউন্ট খুলিছিল সেইসমূহ এতিয়া মৃতপ্ৰায় বুলিও তেওঁ মন্তব্য কৰে ৷ দেশৰ ঐতিহ্যমণ্ডিত ক্ষেত্ৰসমূহো বিজেপি চৰকাৰে পূঁজিপতিৰ হাতত তুলি দিছে বুলি অভিযোগ কৰে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ৷ বিমুদ্ৰাকৰণৰ বিফলতাৰ কথাও তেওঁ উল্লেখ্য কৰি কয় যে অসমৰ বাবে বিজেপি দলৰ কোনো অৱদান বৰ্তমানলৈকে ৰাইজে প্ৰত্যক্ষ কৰা নাই ৷

KISHORE BHATTACHARYA'S PRESS MEET

লগতে তেওঁ উল্লেখ কৰে যে, বিজেপিয়ে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ গোপন মিত্ৰতাৰ মিছা অভিযোগ উত্থাপন কৰি নিৰ্বাচন জয়ৰ চেষ্টা চলাইছে । কিন্তু আচলতে বিজেপি আৰু এ আই ইউ ডি এফৰ মিত্ৰতাহে বহু পুৰণি বুলি উল্লেখ কৰি কয় যে আজমল আৰু হিমন্ত বিশ্ব শৰ্মা চাচা - ভতিজা আৰু অসমত এতিয়া চাচা - ভতিজাৰ ৰাজনীতি চলিছে বুলি তেওঁ জনায় ৷ এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ দলে অধিক আসন লাভ কৰিব বুলিও আশাবাদী কিশোৰ ভট্টাচাৰ্য ৷ ধুবুৰী আৰু বৰপেটাৰ আসন কংগ্ৰেছ দলে লাভ কৰি এ আই ইউ ডি এফৰ সৈতে কোনো মিত্ৰতা নাই বুলি অসমৰ ৰাইজক প্ৰমান কৰি দেখুৱাব বুলি তেওঁ মন্তব্য কৰে ৷

ABOUT THE AUTHOR

...view details