কামৰূপ, 16 মে' : নতুন স্বাস্থ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত উপস্থিত হৈ ক’ভিড হাস্পতাল পৰিদৰ্শন কৰিলে কেশৱ মহন্তই । দেওবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে দদৰা শিঙিমাৰী ক’ভিড চিকিৎসালয়ত উপস্থিত হৈ বুজ ল’লে ক’ভিড চিকিৎসালয়খনৰ ।
আই চি ইউ বেড সহ ৯৪ খন বিচনাযুক্ত চিকিৎসালয়খনত পৰিদৰ্শন কৰি মন্ত্ৰীজনে সন্তোষ প্ৰকাশ কৰাৰ লগতে চিকিৎসালয়খনৰ আই চি ইউ ব্যৱস্থাৰ লগতে অক্সিজেনৰ ব্যৱস্থাও থকা বুলি উল্লেখ কৰে ৷ ইয়াৰ উপৰিও অতি কম দিনৰ ভিতৰতে চিকিৎসালয়খনৰ লগত সংলগ্ন কৰি এটা অক্সিজেন প্ৰকল্প নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে ।