অসম

assam

By

Published : Jan 11, 2020, 3:02 AM IST

Updated : Jan 11, 2020, 8:18 AM IST

ETV Bharat / city

গুৱাহাটীত আৰম্ভ খেল’ ইণ্ডিয়া ২০২০

শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ ২০২০ ৷ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত এক বাৰেৰহণীয়া অনুষ্ঠানৰ মাজৰে শুভাৰম্ভণি কৰা হয় এই যুৱ সমাৰোহৰ ।

গুৱাহাটীত আৰম্ভ খেল’ ইণ্ডিয়া ২০২০
গুৱাহাটীত আৰম্ভ খেল’ ইণ্ডিয়া ২০২০

গুৱাহাটী, 10 জানুৱাৰী:গুৱাহাটীত আৰম্ভ হ’ল খেল’ ইণ্ডিয়া যুৱ খেল 2020ৰ তৃতীয় সংস্কৰণ ৷ প্ৰায় 25,000 দৰ্শকৰ উপস্থিতিত শুকুৰবাৰে অনুষ্ঠিত হয় তৃতীয় সংখ্যক খেল’ ইণ্ডিয়া যুৱ খেল, 2020 ৰ উদ্বোধনী অনুষ্ঠান ৷

উদ্বোধনী অনুষ্ঠান

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰা এই সমাৰোহৰ শিখা প্ৰজ্বলন কৰে ধিং এক্সপ্ৰেছ হিমা দাসে। অসমৰ বাৰেৰহণীয়া কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হয় এই শুভাৰম্ভণি অনুষ্ঠানত।

13দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু,মন্ত্ৰী অতুল বৰা,বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,বিটিচি প্ৰধান হাগ্ৰামামহিলাৰীকে প্ৰমুখ্য কৰি ভালেমান ক্ৰীড়া জগতৰ নামি দামী তাৰকা। ইফালে এই অনুষ্ঠানতেই ব্ৰহ্মপুত্ৰ নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচনী কৰা হয় ।

খেল’ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত

উল্লেখ্য যে,ৰাজধানী গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত37 খন ৰাজ্যআৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় 6,800 এথলীটে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ 20 টাকৈ বিভিন্ন ক্ৰীড়া বিভাগত অংশগ্ৰহণ কৰাৰ লগতে পদক দখল আৰু জলপানি লাভৰ বাবে এইসকল যুৱ ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিব ৷

শংকৰ মহাদেৱানৰ সংগীত অনুষ্ঠান
  • উদ্বোধনী অনুষ্ঠানৰ পাচত প্ৰতিক্ৰিয়া-

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালঃ দেশৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহখনে যুৱ প্ৰজন্মক আগুৱাই নিয়াত যথেষ্টখিনি সহায় কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ একান্ত প্ৰচেষ্টাৰ বাবেই গুৱাহাটীত অনুষ্ঠিত হৈছে খেল’ ইণ্ডিয়া। খেল’ ইণ্ডিয়াই বিশেষকৈ অসমৰ উঠি অহা খেলুৱৈসকলক এক উপযুক্ত মঞ্চ প্ৰদান কৰিব। এই সমাৰোহৰ জৰিয়তে অসমত এক ইতিহাসৰ সূচনা হওক ৷ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ,অৰুণাচলৰ পৰা গুজৰাটলৈ সকলো এথলীটকে মই আদৰণি জনাইছো ৷ এই 13 দিনত সকলোৰে সহায় সহযোগিতা কামনা কৰি খেলুৱৈসকলে শ্ৰেষ্ঠতম প্ৰদৰ্শন দাঙি ধৰিব বুলি আশা প্ৰকাশ কৰিছে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুঃখেল’ ইণ্ডিয়াৰ শুভাৰম্ভণি অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ। তেখেতে দিনে নিশাই নিজে তদাৰক কৰি এয়া সম্ভৱপৰ কৰি তুলিছে। গুৱাহাটীক ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সহযোগত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সমৰ্থন আগবঢ়াব ৷

কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ প্ৰতিক্ৰিয়া

ড0 হিমন্ত বিশ্ব শৰ্মাঃগুৱাহাটী মহানগৰী এতিয়া ক্ৰীড়াৰ ৰাজধানীলৈ পৰিণত হৈছে। দেশৰ এই সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহে অসমলৈ এক শুভ বাৰ্তা কঢ়িয়াই আনিছে । ৰাইজৰ সহযোগত ৰাজ্য চৰকাৰে এনেদৰেই বৃহৎ অনুষ্ঠান অসমত অনুষ্ঠিত কৰিব। বহু নতুন ষ্টেডিয়াম নিৰ্মাণৰ কথাও উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ শংকৰ মহাদেৱনৰ মুখত ভূপেন হাজৰিকাৰ গান শুনি আপ্লুত হয় বুলি উল্লেখ কৰে ৷

হিমন্ত বিশ্বৰ প্ৰতিক্ৰিয়া

ধিং এক্সপ্ৰেছ হিমা দাসঃ
ৰাষ্ট্ৰীয় পৰ্যায়ত এক আন্তঃৰাষ্ট্ৰীয় লেখীয়া অনুষ্ঠান অনুষ্ঠিত হৈছে ৷ খেল’ ইণ্ডিয়া উঠি অহা যুৱ খেলুৱৈ সকলৰ বাবে এক উপযুক্ত মঞ্চ ৷ আগন্তুক বহু কেইখন আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে বহিঃৰাজ্য়ত কঠোৰ অনুশীলন চলি আছে।বহিঃৰাজ্যৰ সৈতে বতৰৰ পৰিৱৰ্তনৰ বাবেই খেল’ ইণ্ডিয়াত অংশ গ্ৰহণৰ বাবে বিৰত থাকে হিমা ।

হিমা দাসৰ প্ৰতিক্ৰিয়া

লক্ষ্য কোৱৰ, সদস্য সচিব (যুৱ আৰু ক্ৰীড়া সঞ্চালকালয়):
অসমৰ বাবে এয়া সৌভাগ্য যে দেশৰ এই সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহখনি আয়োজন কৰিব পাৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ৰিজিজুৰ উপস্থিতিত গুৱাহাটীত যেন ভাৰতবৰ্ষৰ প্ৰতিছবি প্ৰতিফলিত হৈছে ৷

লক্ষ্য কোৱৰৰ প্ৰতিক্ৰিয়া
Last Updated : Jan 11, 2020, 8:18 AM IST

ABOUT THE AUTHOR

...view details