গুৱাহাটী, 18 মে’:মহানগৰীত প্ৰৱেশৰ কৰাৰ ক্ষেত্ৰত দুৱাৰমুখ স্বৰূপ খানাপাৰাত পথৰ চৰম দুৰৱস্থা। পথৰ মাজত গঢ়ি উঠিছে বৃহৎ-বৃহৎ গাত ৷ ফলত পথেদি চলাচল কৰা যান বাহন চালকসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হ’বলগীয়া হৈছে।
খানাপাৰাত পথৰ দুৰৱস্থা - GUWAHATI
মহানগৰীত প্ৰৱেশৰ দুৱাৰমুখ স্বৰূপ খানাপাৰাত পথৰ দুৰৱস্থা ৷ পথৰ মাজত বৃহৎ-বৃহৎ গাত ৷
খানাপাৰাত পথৰ দুৰৱস্থা
বাৰিষা কালত এনেদৰে ঘাইপথত গাত হোৱা বাবে যান বাহন চালকসকলে বহুত হাৰাশাস্তি ভুগিবলগীয়া হৈছে। কিন্তু কাণষাৰ নাই গড়কাপ্তানী বিভাগৰ ৷ স্বয়ং মহানগৰীতে যদি এই অৱস্থা হয় তেনেহ'লে ৰাজ্যৰ বাকী প্ৰান্তত কি অৱস্থা হ'ব সেয়া সহজে অনুমেয় ৷