অসম

assam

ETV Bharat / city

অসম আৰক্ষীক প্ৰশংসা পৰিৱেশবিদ তথা ক্ৰিকেটাৰ কেভিন পিটাৰচেনৰ - ৰিটুইট

গঁড় সংৰক্ষণৰ বাবে সমগ্ৰ বিশ্বতে কাম কৰি ফুৰা প্ৰাক্তন ক্ৰিকেটাৰ তথা পৰিৱেশবিদ কেভিন পিটাৰচেন নগাঁও আৰক্ষীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখিবলৈ পোৱা গ’ল ৷ সামাজিক মাধ্যমত ভাৰতবৰ্ষই প্ৰকৃতি সংৰক্ষণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাক প্ৰশংসা কৰে পিটাৰচেনে ৷

অসম আৰক্ষীক প্ৰশংসা পৰিৱেশবিদ তথা ক্ৰিকেটাৰ কেভিন পিটাৰচেনৰ
অসম আৰক্ষীক প্ৰশংসা পৰিৱেশবিদ তথা ক্ৰিকেটাৰ কেভিন পিটাৰচেনৰ

By

Published : Jan 12, 2021, 7:47 PM IST

নিউজ ডেস্ক, 12 জানুৱাৰী : বিগত বৰ্ষত কাজিৰঙালৈ আহিছিল বিশ্বখ্যাত ক্ৰিকেটাৰ তথা পৰিৱেশ সংৰক্ষণবিদ কেভিন পিটাৰচেন ৷ অসম ভ্ৰমণলৈ এক বিশেষ উদ্দেশ্যত আহিছিল ক্ৰিকেটাৰগৰাকী ৷ নেশ্বনেল জিঅ’গ্ৰাফিক চেনেলৰ সহযোগত অসমৰ গঁড়ৰ সংৰক্ষণৰ ওপৰত তথ্যচিত্ৰখনৰ ধাৰাভাষ্যকাৰ আৰু পৰিৱেশক আছিল পিটাৰচেন ৷ কাজিৰঙাৰ নিকটৱৰ্তী অঞ্চলসমূহ পৰিদৰ্শন কৰি গঁড় সংৰক্ষণৰ অভিজ্ঞতা লৈছিল ক্ৰিকেটাৰগৰাকীয়ে ৷

লগতে পঢ়ক :আন্তঃৰাষ্ট্ৰীয় গঁড় দিৱসঃ কাইলৈ মুক্তি পাব কেভিন পিটাৰচেনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ

2019 আৰু 2020 বৰ্ষত অসম আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত নগাঁও জিলাৰ বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত এটাও গঁড় হত্যা কৰিব পৰা নাছিল চোৰাংচিকাৰীয়ে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতত এক বিস্তৃত প্ৰতিবেদন প্ৰকাশ পাইছিল ৷ 2011 চনৰ পৰা 2018 চনলৈ কাজিৰঙাৰ অন্তৰ্গত এই দুখন বনাঞ্চলতেই সৰ্বাধিক সংখ্যক গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল ৷ পৰৱৰ্তী সময়ত অসম চৰকাৰে বনাঞ্চলত দুখনত হৈ থকা অবৈধ বেদখলৰ বিৰুদ্ধে অভিযান চলাইছিল ৷ আৰু তাৰ পিচতেই 2019 আৰু 2020 বৰ্ষত এই দুখন বনাঞ্চলতে গঁড় হত্যাৰ ঘটনাৰ অন্ত পৰিছিল ৷

এই সন্দৰ্ভত ইতিমধ্যেই অসম আৰক্ষী আৰু নগাঁও আৰক্ষীয়ে টুইট কৰিছিল ৷কেভিন পিটাৰচেনে অসম আৰক্ষীৰ এই টুইট ৰিটুইট কৰি অসম আৰক্ষীৰ লগতে পৃথিৱী বিখ্যাত এশিঙীয়া গঁড় হত্যা ৰোধ তথা সংৰক্ষণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাক প্ৰশংসা কৰে ৷ এয়া অসম আৰক্ষী তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বাবে নিশ্চয়কৈ গৌৰৱৰ বিষয় ৷

লগতে পঢ়ক :অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ এটা সফল বর্ষ ২০২০

ABOUT THE AUTHOR

...view details