গুৱাহাটী, ২৪ ডিচেম্বৰ: কামৰূপ মহানগৰ জিলাৰ সমগ্ৰ শিক্ষাৰ বিভিন্ন দিশৰ খতিয়ান ল’বলৈ বৃহস্পতিবাৰে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলা শিক্ষা বিভাগৰ বিষয়ববীয়াৰ লগত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় । অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতি, বিদ্যালয় পৰিদৰ্শকে আদি কৰি বহুকেইগৰাকী বিষয়া উপস্থিত থকা এই সভাত উপায়ুক্তগৰাকীয়ে বিদ্যালয়সমূহৰ আন্তঃগাঠনি, প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ, আধাৰ কাৰ্ডৰ পঞ্জীয়ন আদিৰ ওপৰত বিশদ পৰ্যালোচনা কৰে ।
কামৰূপ মহানগৰ জিলাৰ যি কেইখন বিদ্যালয়ৰ পাইপ খোৱাপানীৰ ব্যৱস্থা আৰু ল'ৰা আৰু ছোৱালীৰ পৃথক টয়লেটৰ ব্যৱস্থা নাই, তাৰবাবে অনতিপলমে পদক্ষেপ গ্ৰহণৰ বাবে আৰু আধাৰ পঞ্জীয়নৰ কাম সম্পূৰ্ণ কৰাৰ বাবে উপায়ুক্তগৰাকীয়ে জিলা শিক্ষা বিষয়াক নিৰ্দেশ দিয়ে (DC orders speedy completion of Aadhaar registration) । সভাত বক্তব্য ৰাখি জিলা উপায়ুক্তগৰাকীয়ে কয় যে, শিক্ষাৰ কোনো বিকল্প নাই । দুখীয়া লোক এজনেও শিক্ষা অৰ্জনৰ জৰিয়তে আৰ্থিক অৱস্থা স্বচ্ছল কৰি তুলিব পাৰে ।