গুৱাহাটী, 18 মাৰ্চ :কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীত জল নিষ্কাষণ, বৰিঙৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ(Ban on drainage or borewell drilling in Kamrup Metro) জাৰী কৰিছিল কামৰূপ মহানগৰ জিলাৰ জিলা উপায়ুক্তই ৷ কিন্তু শেহতীয়াভাৱে এই ক্ষেত্ৰত বিপৰীত স্থিতি গ্ৰহণ কৰিছে উপায়ুক্তগৰাকীয়ে । জনসাধাৰণৰ সেৱা তথা প্ৰকৃতিৰ জলস্তৰৰ সুৰক্ষাৰ স্বাৰ্থত আৰু লগতে ৰাইজৰ আবেদনৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই যোৱা ১০ মাৰ্চত এক নিৰ্দেশনাৰ জৰিয়তে কেন্দ্ৰীয় ভূমি জল ব’ৰ্ডৰ আগতীয়া অনুমতি অবিহনে বৰিং আৰু ভূমিৰ তলৰ পৰা জল নিষ্কাষণ বন্ধ কৰাৰ নিষেধাজ্ঞা দিছিল ।
কিন্তু বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত এক সংবাদমেল আহ্বান কৰি গুৱাহাটী মহানগৰীত জল নিষ্কাষণ, বৰিঙৰ ক্ষেত্ৰত জাৰী কৰা নিষেধাজ্ঞা উঠাই লোৱা বুলি ঘোষণা কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই (Kamrup Metro DC Lifts ban on drainage or borewell drilling) । সংবাদমেল সম্বোধন কৰি উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় যে যোৱা ১১ তাৰিখে আন এক আদেশৰ জৰিয়তে জনসাধাৰণ ঘৰুৱা ব্যৱহাৰ (বাণিজ্যিক নহয়) আৰু সৈন্য বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠানসমূহক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছিল ।