কমলপুৰ, 26 মাৰ্চ : যুদ্ধ সদৃশ পৰিৱেশ কমলপুৰ বিধানসভা সমষ্টিত। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শুকুৰবাৰে কমলপুৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । কমলপুৰৰ দিগুণপাৰ বৰঙ্গাৰী সমন্বয় ক্ষেত্ৰত বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ প্ৰচাৰ চলাব ষ্টাৰ কেম্পেইনাৰ গৰাকীয়ে । কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ আগমনক লৈ ব্যস্ত আৰক্ষী-প্ৰশাসন ৷
কমলপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ - ব্যস্ত আৰক্ষী-প্ৰশাস
বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ কমলপুৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দিগুণপাৰ বৰঙ্গাৰী সমন্বয় ক্ষেত্ৰত শুকুৰবাৰে উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ প্ৰায় ২৫ হাজাৰ লোক উপস্থিত থাকিব বুলি আশাবাদী কমলপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৰাকী ৷
![কমলপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কমলপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11165132-91-11165132-1616741641122.jpg)
কমলপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
মন্ত্ৰীগৰাকীৰ আগমনক লৈ এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে সমন্বয় ক্ষেত্ৰত। পুৱাৰে পৰা ব্যস্ত হৈ পৰিছে বিজেপিৰ কৰ্মকৰ্তা সকল। প্ৰায় ২৫ হাজাৰ লোক উপস্থিত থাকিব বুলি আশাবাদী কমলপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী ৷
লগতে পঢ়ক :ৰঙিয়াত ভৱেশ কলিতাৰ মাৰাথন প্ৰচাৰ অব্যাহত