অসম

assam

ETV Bharat / city

কঠোৰ নীতি-নিয়মৰ মাজেৰে কাইলৈৰ পৰা খুলিব কামাখ্যাৰ দুৱাৰ - 15 মিনিটহে মন্দিৰ চৌহদত থাকিব পাৰিব ভক্ত

কঠোৰ নীতি-নিয়মৰ মাজেৰে দেওবাৰৰ পৰা ভক্তৰ বাবে খোলা হ'ব শক্তিপীঠ কামাখ্যা ধাম । মন্দিৰ চৌহদৰ প্ৰৱেশদ্বাৰ খুলিলেও ভক্তই প্ৰৱেশ কৰিব নোৱাৰিব মূল মন্দিৰত ।

কঠোৰ নীতি-নিয়মৰ মাজেৰে খোলা হ'ব কামাখ্যাৰ দুৱাৰ
কামাখ্যা মন্দিৰ

By

Published : Oct 10, 2020, 8:04 PM IST

গুৱাহাটী, 10 অক্টোবৰ :কঠোৰ নীতি-নিয়মৰ মাজেৰে দেওবাৰৰ পৰা ভক্তৰ বাবে খোলা হ'ব শক্তিপীঠ কামাখ্যা ধাম । মন্দিৰ চৌহদৰ প্ৰৱেশদ্বাৰ খুলিলেও ভক্তই প্ৰৱেশ কৰিব নোৱাৰিব মূল মন্দিৰত। কেৱল চৌহদত পৰিক্ৰমা কৰিব পাৰিব সকলো ভক্তই । মা কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে যোৱা দৰ্শনাৰ্থীয়ে মানিব লাগিব প্ৰশাসনৰ কেতবোৰ নিৰ্দেশনা ।

কামাখ্যা মন্দিৰ

প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি, এগৰাকী ভক্তই কেৱল 15 মিনিটহে মন্দিৰ চৌহদত থাকিব পাৰিব । চৌহদত প্ৰৱেশৰ পূৰ্বে এন্টিজেন টেষ্ট কৰিব লাগিব ভক্তই । কৰ'ণা নিগেটিভ সকলকহে মন্দিৰ দৰ্শনৰ অনুমতি প্ৰদান কৰা হ'ব । কামাখ্যা নাৰ্ছাৰীত স্বাস্থ্য বিভাগৰ এক শিবিৰ থাকিব আৰু দৰ্শনাৰ্থীয়ে ক'ভিড পৰীক্ষা কৰি মন্দিৰ চৌহদলৈ যাব পাৰিব ।

শনিবাৰে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰদান কৰে এই তথ্য । ইফালে মন্দিৰ সম্পূৰ্ণৰূপে খোলাৰ বৰ্তমানো সিন্ধান্ত লোৱা নাই পৰিচালনা সমিতিয়ে । দুৰ্গা পূজাৰ পাচতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে মন্দিৰ সম্পূৰ্ণৰূপে খোলাৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব পৰিচালনা সমিতিয়ে ।

লগতে পঢ়ক :ৰহাৰ ফুলগুৰিত দুৰ্ঘটনাত পতিত ৰকিবুল হুছেইনৰ বাহন

ABOUT THE AUTHOR

...view details