গুৱাহাটী,২০ এপ্ৰিল : শনিবাৰে মা কামাখ্যা ধামত সৃষ্টি হয় হাহাকাৰৰ । পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি থকা সাধাৰণ দৰ্শনাৰ্থীয়ে সন্ধিয়া দৰ্শন কৰিবলগীয়া হয় মন্দিৰ । যাৰ বাবে বিভিন্ন স্থানৰ পৰা অহা সাধাৰণ দৰ্শনাৰ্থীয়ে মন্দিৰ পৰিচালনাৰ সমিতিৰ ওপৰত ক্ষোভিত হৈ পৰে । কেৱল ৫০০টকীয়া টিকট কটা দৰ্শনাৰ্থীসকলক অধিক গুৰুত্ব প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে সাধৰণ দৰ্শনাৰ্থীসকলে ।
মা কামাখ্যা ধামত হাহাকাৰ ! - হাহাকাৰ
মা কামাখ্যা ধামৰ মন্দিৰ পৰিচালনাৰ সমিতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে দৰ্শনাৰ্থীয়ে
মা কামাখ্যা ধামত সৃষ্টি হয় হাহাকাৰ
ইফালে কেৱল ধনী মানুহৰ বাবেহে দেৱী মা বুলি কামাখ্যা মন্দিৰ পৰিচালনা সমিতিক প্ৰশ্ন কৰে ভক্তসকলে । তাৰোপৰি বহুটো বহিঃৰাজ্যৰ দৰ্শনাৰ্থীয়ে মন্দিৰ কৰ্তৃপক্ষৰ পৰিচালনা নিয়মত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে ।