গুৱাহাটী, 1 জুনঃবিগত বৰ্ষবোৰৰ দৰেই চলিত বৰ্ষটো উদযাপন কৰা হ'ব মা-কামাখ্যা ধামৰ মহা-অম্বুবাচী মেলা ৷ অৱশ্যে ধৰ্মীয় ৰীতি-নীতিৰ বাহিৰে অন্যান্য মেলা আদি অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দেৱালয় পৰিচালনা সমিতিয়ে ৷
30 জুনলৈ বন্ধ থাকিব মা-কামাখ্য়া ধাম - 30 জুনলৈ বন্ধ থাকিব মা-কামাখ্য়া ধাম
চলিত বৰ্ষত উদযাপন কৰা নহয় মা-কামাখ্যা ধামত অনুষ্ঠিত হোৱা অম্বুবাচী মেলা ৷ ৰীতি-নীতিগতভাৱে অম্বুবাচী পালন কৰা হ'ব যদিও অনুষ্ঠিত নহয় কোনোধৰণৰ মেলা ৷ কোভিড-19 মহামাৰীৰ বাবেই লোৱা হৈছে এই সিদ্ধান্ত ৷
![30 জুনলৈ বন্ধ থাকিব মা-কামাখ্য়া ধাম 30 জুনলৈ বন্ধ থাকিব মা-কামাখ্য়া ধাম](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7435654-thumbnail-3x2-0.jpg)
দেশত ইতিমধ্যে আৰম্ভ হৈছে পঞ্চম পৰ্যায়ৰ লকডাউন । পৰিৱেশ স্বাভাৱিক অৱস্থালৈ লৈ অনাৰ বাবে ইতিমধ্যে লকডাউনৰ কঠোৰ নিয়মৰ বহুক্ষেত্ৰত শিথিলতা প্ৰদান কৰিছে চৰকাৰে ৷ যাৰ বাবে অহা 8 তাৰিখৰ পৰা কিছু বাধ্যবাধকতাৰ মাজেৰে খোলা হ'ব বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান । ধৰ্মীয় স্থলসমূহো খুলিবলৈ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে ।
কিন্তু কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক 30 জুনলৈ মা কামাখ্যা ধাম বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে মন্দিৰ পৰিচালনা সমিতিয়ে । যিহেতু জুনৰ 22 তাৰিখৰ পৰা প্ৰতিবছৰে শক্তিপীঠত অম্বুবাচী মেলা অনুষ্ঠিত হয়, সেই সময়ত মন্দিৰ ভক্তৰ বাবে খুলি দিলে অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকাত এই সিন্ধান্ত লৈছে মন্দিৰ কৰ্তৃপক্ষই ।