অসম

assam

By

Published : Oct 9, 2020, 8:12 PM IST

ETV Bharat / city

সাংস্কৃতিক জগতৰ পৰা ৰাজনীতিৰ পথাৰলৈ ভোজপুৰী কুইন কল্পনা পাটোৱাৰী

কল্পনা পাটোৱাৰীয়ে পূৰ্বে বিহাৰত অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল। অসমলৈ প্ৰত্যাৱৰ্তন কৰিয়েই অগপ দলত যোগদান কৰে শিল্পীগৰাকীয়ে।

kalpana-patowari-joined-agp
সাংস্কৃতিক জগতৰ পৰা ৰাজনীতিৰ পথাৰলৈ ভোজপুৰী কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ

গুৱাহাটী, ৯ অক্টোবৰঃ সাংস্কৃতিক জগতৰ পৰা ৰাজনীতিৰ পথাৰলৈ ঢাপলি মেলিছে ইজনৰ-পাছত সিজন শিল্পী-কলা-কুশলী । সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক দলসমূহেও নিজৰ ভেঁটি শক্তিশালী কৰাৰ বাবে উঠি-পৰি লগাৰ সময়তে শুকুৰবাৰে আমবাৰীস্থিত অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে সদলবলে যোগদান কৰে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে । যোগদান অনুষ্ঠানত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফণীভূষন চৌধুৰীৰ লগতে অন্যান্য শীৰ্ষস্থানীয় নেতাৰ উপস্থিতত শিল্পীগৰাকীয়ে যোগদান কৰে । দলত যোগদান কৰি শিল্পীগৰাকীয়ে এফাঁকি ঘোষাৰে ভাষণ আৰম্ভ কৰি কয় যে, জাতীয়তাবাদী তেজ তেওঁ দেহত চিৰ প্ৰৱাহমান। নিজ মাতৃভূমিক ভালপোৱা প্ৰতিজন লোকৰ শৰীৰতে জাতীয়তাবাদী চিন্তাই বাস কৰে। সেয়ে এই জাতীয়তাবাদ প্ৰতিষ্ঠাৰ একমাত্ৰ স্থান অসম গণ পৰিষদ বুলি মন্তব্য কৰে।

সাংস্কৃতিক জগতৰ পৰা ৰাজনীতিৰ পথাৰলৈ ভোজপুৰী কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ

আনহাতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ “পলিটিক্স নকৰিবা বন্ধু” শীৰ্ষক গীতটো দোহাৰি তেওঁ কয় যে, বিধানসভাৰ মজিয়াত কথা কোৱাৰ সুবিধা মহিলাক খুব কমেই দিয়া হয়। সেয়ে পলিটিক্স নকৰিবা বন্ধু নহয়, পলিটিক্স কৰিবা বন্ধু। তেহে অসমৰ মহিলাই বিধানসভাত কথা কোৱাৰ সুযোগ পাব। ইপিনে, মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই আদৰণি ভাষণত কণ্ঠশিল্পীগৰাকীৰ যোগদানে নিজকে এশ সিংহৰ জোৰ প্ৰদান কৰিছে বুলি মন্তব্য কৰি তেওঁ এটি কবিতা আবৃত্তি কৰাৰ লগতে কল্পনা পাটোৱাৰীক অসমৰ সাংস্কৃতিক জগতখনৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অগপৰ সাংস্কৃতিক কোষৰ মুৰব্বীৰ দায়িত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰে।

উল্লেখ্য যে, কল্পনা পাটোৱাৰীয়ে পূৰ্বে বিহাৰত অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল । অসমলৈ প্ৰত্যাৱৰ্তন কৰিয়েই অগপ দলত যোগদান কৰে শিল্পীগৰাকীয়ে ।

লগতে পঢ়ক: বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত প্ৰায় ২ কিলোগ্ৰাম হিৰ'ইন জব্দ

ABOUT THE AUTHOR

...view details