গুৱাহাটী, ২৪ আগষ্ট:অসমত দশকৰ পাছত দশক ধৰি ব্যৱসায় কৰি অহা কাবুলীৱালাসকলে শেহতীয়াকৈ নিৰাপত্তাহীনতাৰ লগতে সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে । বিশেষকৈ ডিব্ৰুগড়ত বৈদুল্লা খান নামৰ এজন কাবুলীৱালা গ্ৰেপ্তাৰ হোৱা ঘটনাৰ পাছতে ৰাজ্যখনত থকা কাবুলীৱালাসকলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । উল্লেখ্য যে, ডিব্ৰুগড়ত বৈদুল্লা খানৰ পৰা ঋণ লৈ হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰি এজন যুৱকে আত্মহত্যা কৰিছিল । এই ঘটনাৰ পাছতে সমগ্ৰ কাবুলীৱালা সমাজখনে অপবাদৰ সন্মুখীন হ'বলগীয়া হৈছে ।
ইফালে এই ঘটনাৰ আলম লৈ একাংশ দুষ্টচক্ৰই কাবুলীৱালা সমাজখনৰ বদনাম কৰাৰ বাবে অপচেষ্টা কৰাৰ অভিযোগ উঠিছে । বিশেষকৈ তেওঁলোকৰ ওপৰত বিভিন্ন অপবাদ জাপি দিয়া হৈছে । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া একাংশ ঋণ লোৱা লোকে সুদ দিয়া নাইবা ঋণ ঘূৰাই দিয়াৰ ক্ষেত্ৰত কাবুলীৱালাসকলক বিমুখ কৰাৰ অভিযোগ উত্থাপন হৈছে । এই সন্দৰ্ভত ইটিভি ভাৰতৰ আগত নিজৰ মনৰ কথা ব্যক্ত কৰে ভোক্তভোগী কাবুলীৱালাই । তেওঁ হৈছে গোৱালপাৰৰ কৃষ্ণাইৰ আব্দুল মতিন খান ।
আব্দুল মতিন খানে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত কয় যে, ডিব্ৰুগড়ৰ ঘটনাৰ পাছতে কোনো এক দুষ্টচক্ৰই কাবুলীৱালা সমাজখনক বদনাম কৰাৰ বাবে উঠিপৰি লাগিছে । ইফালে এখন বাতৰি কাকতত এই সন্দৰ্ভত কেতবোৰ বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশন কৰা হৈছে । এনে বাতৰিৰ ফলত সমগ্ৰ কাবুলীৱালা সমাজখনে সমস্যাৰ সন্মুখীন হৈছে । আনহাতে ঋণ লোৱা লোকসকলেও ইয়াৰ সুবিধা গ্ৰহণ কৰি কাবুলীৱালাসকলক বিমুখ কৰিছে বুলি তেওঁ কয় । ফলত প্ৰভাৱিত হৈছে কাবুলীৱালাসকলৰ ব্যৱসায় ।