অসম

assam

ETV Bharat / city

লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ দেৱ চৌধুৰীলৈ ন্যায়াধীশ শৰ্মা আয়োগৰ জাননী - Bharat Bhushan Dev Chaudhury

2014 চনত অসম লোকসেৱা আয়োগৰ পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত আছিল ভাৰত ভূষণ দেৱ চৌধুৰী ৷ সেই বছৰতে আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ নেতৃত্বত লোকসেৱা আয়োগত সংঘটিত হৈছিল ব্যাপক নিযুক্তি কেলেংকাৰী ৷

Etv Bhলোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীলৈ ন্যায়াধীশ শৰ্মা আয়োগৰ জাননীarat
Etv Bhলোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীলৈ ন্যায়াধীশ শৰ্মা আয়োগৰ জাননীarat

By

Published : Sep 7, 2022, 4:28 PM IST

নিউজ ডেস্ক, 7 ছেপ্টেম্বৰ:অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ (APSC Chairman) আসনত বহা এমাহো সম্পূৰ্ণ নোহোৱা ভাৰত ভূষণ দেৱ চৌধুৰীলৈ (Bharat Bhushan Dev Chaudhury) এইবাৰ জাননী জাৰি কৰিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ৷ বিগত 18 আগষ্টত ৰাজ্য চৰকাৰে লোকসেৱা আয়োগৰ নতুন সদস্যৰূপে নিযুক্তি দিছিল দেৱ চৌধুৰীক ৷

কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল 2014 চনত অসম লোকসেৱা আয়োগৰ পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত আছিল ভাৰত ভূষণ দেৱ চৌধুৰী ৷ সেই বছৰতে আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ (Rakesh Paul)নেতৃত্বত লোকসেৱা আয়োগত সংঘটিত হৈছিল ব্যাপক নিযুক্তি কেলেংকাৰী ৷ 2014 বৰ্ষৰ পৰীক্ষাত ৰাকেশ পালৰ আশীৰ্বাদত জালিয়াতিৰে পিছ দুৱাৰেদি চাকৰি লোৱা 21 গৰাকী প্ৰাৰ্থীক ইতিমধ্য়ে বৰ্খাস্তও কৰা হৈছে ৷

ই টিভি ভাৰতক বুধবাৰে এই কথা জানিবলৈ দি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই (Justice Biplob Kumar Sarma Commission) কয় যে ভাৰত ভূষণ দেৱ চৌধুৰীক 15 দিনৰ ভিতৰত জবাব দিবলৈ আজি জাৰি কৰা জাননী যোগে কোৱা হৈছে ৷ যিহেতু 2014 চনত আয়োগৰ পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত তেৱেই আছিল গতিকে কোনো কাৰণতে তেওঁ বিষয়টো এৰাই চলিব নোৱাৰে ৷ স্মৰ্তব্য যে সম্প্ৰতি 2014 বৰ্ষত সংঘটিত হোৱা লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত অব্যাহত ৰাখিছে ন্যায়াধীশ শৰ্মা আয়োগে ৷

লগতে পঢ়ক:জ্যেষ্ঠ IAS বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক APSC ৰ নতুন অধ্যক্ষ নিযুক্তি

ABOUT THE AUTHOR

...view details