অসম

assam

By

Published : Aug 30, 2020, 7:47 PM IST

ETV Bharat / city

যান্ত্ৰিকতাৰ কোলাহলত অতিষ্ট হৈছে নেকি ? আহক এইখন গাঁৱলৈ..

যান্ত্ৰিকতাৰ পৰা বহু নিলগত এখন গাঁও ৷ যিখন গাঁৱৰ সেউজীয়া সৌন্দৰ্যই হাত বাউলি মাতে পৰ্যটকক ৷ গাঁওবাসীৰ একান্ত প্ৰচেষ্টাত পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এইখন হৈছে ৷

Jupangbari a special village at Assam-Meghalaya Border
Jupangbari a special village at Assam-Meghalaya Border

আজাৰা, 30 আগষ্ট: উৎকট গৰম তথা যান্ত্ৰীকতাৰ কোলাহলত থাকি আপুনি যদি অতিষ্ট হৈছে তেন্তে আহক গুৱাহাটী মহানগৰীৰ নাতিদূৰতে থকা প্ৰাকৃতিক সৌন্দৰ্যৰে চহকী চানডুবি নিচেই কাষৰ অসম-মেঘালয় সীমান্তৱৰ্তী জুপাঙবাৰী গাঁওখনলৈ ৷

প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে এক গাৱলীয়া নৈসৰ্গিক পৰিৱেশত দিনটো অতিবাহিত কৰিব পাৰিব । যিনেই চাব সেইফালেই দেখিব কেৱল সেউজীয়া আৰু সেউজীয়া । উচ্চশিক্ষা গ্ৰহণ কৰি চৰকাৰী চাকৰীৰ দিশে উৰ্ধমূখী নহয় গাঁওখনৰে ‘‘অজয় চিনাল’’ নামৰ এজন যুৱকৰ প্ৰচেষ্টাতেই সূচনা হৈছে এই পৰ্যটনস্থলীৰ ৷

কৃষি বিপ্লৱ মুখী চিন্তাধাৰাৰে কল, তামোল, আনাৰস, জালুক, জলকীয়া, পলু আদি বিভিন্ন খেতিৰে নিজেই স্বাৱলম্বী হোৱাৰ যত্ন কৰিছে এই গাঁওখনৰ লোকসকলে । ইতিমধ্যে গাঁওখনৰ মনোৰম সেউজীয়াৰ পৰিৱেশৰ প্ৰতি আকৰ্ষিত হৈ গাঁওখনলৈ সঘন আহ-যাহ হৈছে অসমৰ বিভিন্ন স্থানৰ পৰা পৰ্যটক । এই গাঁওখনলৈ অহা পৰ্যটক সকলে চানডুবি বিল আৰু গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্য পৰিদৰ্শন কৰাৰ লগতে যুৱক সকলে বিভিন্ন ধৰণৰ থলুৱা খাদ্যৰে আপ্পায়ণেও যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছে ৷

যান্ত্ৰিকতাৰ পৰা বহু নিলগত এখন গাঁও
গাঁওখনৰ আন এক বৈশিষ্ট হৈছে যে, অতিথি সকলক তামোলৰ ঢকুৱাৰ থালত খাদ্য আৰু বাঁহৰ চুঙাত পানী দি গাঁওখনক সম্পূৰ্ণৰূপে প্লাষ্টিক মুক্ত কৰি এক আদৰ্শ গাঁও ৰূপে গঢ়ি তুলিবলৈ যথোপযুক্ত চেষ্টা চলাই আছে যুৱক সকলে । লগতে প্ৰতি সপ্তাহৰ দেওবাৰৰ দিনটোত গাঁৱখনৰ পুৰুষ-মহিলা মিলিত হৈ চাফ-চিকুন কৰে গাঁওখনৰ ৰাস্তা-পদুলী ।

আনহাতে গাওঁখনলৈ অহা পৰ্যটকে নিশাৰ দৃশ্য উপভোগ কৰিব পৰাকৈ গাঁওখনতে আছে থকাৰ উপযুক্ত ব্যৱস্থা ৷ ফলত গাঁওখনলৈও পৰ্যটন সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত ই এক বিশেষ মাত্ৰা প্ৰদান কৰাৰ লগতে এই কৃষি আৰু পৰ্যটন বিপ্লৱে নিশ্চয়কৈ গাম্য অৰ্থনীতিৰ উন্নতি ক্ষেত্ৰটো ভূমিকা পালন কৰিব বুলি কৰাত বুলি আশাবাদী অজয় চিনালৰ লগতে স্থানীয় লোক সকল ।

শিক্ষিত যুৱক অজয় চিনালৰ এই প্ৰচেষ্টাৰ ফলত জুপাঙবাৰী গাঁওৰ যুৱক সকল কৃষি কৰ্মত জড়িত হোৱাৰ লগতে নিজৰ গাঁওখনক যি এক পৰ্যটনস্থলীলৈ গঢ় দিবলৈ চেষ্টা চলাইছে সেয়া এক সঁচাই প্ৰশংসনীয় পদক্ষেপ । জুপাঙবাৰী গাঁৱৰ এই কৃষি আৰু পৰ্যটন বিপ্লৱ আদৰ্শ হৈ ৰওক অসমৰ প্ৰতিখন গাঁৱৰ বাবে ৷ দীৰ্ঘম্যাদি হওক উদ্যমী অজয় চিনালৰ এই প্ৰচেষ্টা ।

লগতে চাওক-অস্বাস্থ্যকৰ পৰিৱেশত কদৰ্যময় জীৱন কটাইছে ধেমাজিবাসী

ABOUT THE AUTHOR

...view details