নিউজ ডেস্ক, 9 ফেব্ৰুৱাৰী :চিৰাঙৰ বাসুগাঁৱত এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক জয়ন্ত দেৱনাথক বাসুগাঁও আৰক্ষীৰ এজন জোৱানে প্ৰহাৰ কৰাৰ ঘটনাকলৈ ৰাজ্যজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে (Journalist beaten up by a police man in Chirang) ৷ এই ঘটনাৰ বিৰুদ্ধে মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত গুৱাহাটীস্থ কৰ্তব্যৰত সাংবাদিকসকলে হাতে হাতে পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।
এই ঘটনা সন্দৰ্ভত সাংবাদিক হেমন্ত শৰ্মাই কয়, “কিছুমান কথা সহজভাৱে লৈ থাকোঁতে থাকোঁতে আমি জটিলতাৰ সৈতে যুঁজিবলগীয়া হৈ আছে । কিন্তু এনেকৈ আৰু কিমান দিন ? " বিভিন্ন সময়ত সাংবাদিকসকলে তথা সাংবাদিক সংগঠনে সাংবাদিকৰ নিৰাপত্তাৰ বাবে সুকীয়া আইনৰ দাবী কৰা স্বত্বেও কোনো কাণসাৰ নাই । চৰকাৰে প্ৰথমশাৰীৰ কৰ্মী হিচাপে স্বীকৃতি দিলে, কিন্তু দেশৰ ভিতৰতে সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ তৃতীয় স্থানত আছে অসম ।
শৰ্মাই লগতে কয় যে, কিছুবছৰ পূৰ্বে মহানগৰীৰ লতাশিল থানাত এগৰাকী মহিলা সাংবাদিকৰ ওপৰতো আৰক্ষীয়ে শাৰীৰিক অত্যাচাৰ কৰিছিল । আজাৰাত বাতৰি কৰাৰ বাবে লাইটৰ পোষ্টত বান্ধি সাংবাদিকক প্ৰহাৰ কৰিছিল(Police thrashed journalist Jayanta Debnath in public) । গুৱাহাটী প্ৰেছ ক্লাৱত কৰ্তব্যৰত আন এগৰাকী মহিলা সাংবাদিককো শাৰীৰিকভাৱে অপদস্থ কৰিছিল । কাকপথাৰৰ সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হোৱা দুটা বছৰ অতিক্ৰম কৰিলে যদিও তাৰ কোনো উচিত ন্যায় নাপালে ।
তেওঁ লগতে দিনকদিনে বৃদ্ধি পাই অহা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বাবে সাংবাদিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ নোলোৱাত ক্ষোভ প্ৰকাশ কৰে ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক “অতি শীঘ্ৰে সাংবাদিকৰ নিৰাপত্তাৰ বাবে সুকীয়া আইনৰ প্ৰণয়ন’’ কৰিবলৈ সাংবাদিকগৰাকীয়ে দাবী জনায় ।