অসম

assam

By

Published : Dec 15, 2020, 7:28 AM IST

ETV Bharat / city

অসহায় যুৱতীক ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি সাংবাদিক

অসহায় যুৱতীক ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি এটা ব্যক্তিগত টিভি চেনেলৰ সাংবাদিক আফনুৰ আলী ৷ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত এই কাণ্ডত গুৰুতৰভাৱে আহত সাংবাদিক তথা যুৱতীগৰাকী ৷

অসহায় যুৱতীক ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি সাংবাদিক
গুৱাহাটীত আক্ৰমণৰ বলি সাংবাদিক

গুৱাহাটী, 15 ডিচেম্বৰ : অসহায় যুৱতীক ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি অসমৰ এটা ব্যক্তিগত টিভি চেনেলৰ সাংবাদিক আফনুৰ আলী । নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত সংঘটিত হয় এই ঘটনাটো । পংকজ বৈশ্য নামৰ এজন লোকে GMCHৰ নাৰ্ছ পলী চেতিয়াক আক্ৰমণৰ বাবে উদ্যত হৈছিল । তেনেতে সাংবাদিকগৰাকীয়ে অসহায় নাৰ্ছগৰাকীক ৰক্ষা কৰিবলৈ যোৱাত দাৰে ঘপিয়াই সাংবাদিক আফনুৰ আলীক ।

গুৱাহাটীত আক্ৰমণৰ বলি সাংবাদিক

দুৰ্বৃত্তটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নাৰ্ছগৰাকীৰ লগতে সাংবাদিক আফনুৰ । সম্প্ৰতি দুয়োকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । ইফালে ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আক্ৰমণকাৰী পংকজ বৈশ্যক । জানিব পৰা মতে, প্ৰেমৰ পৰিণতিতে নাৰ্ছগৰাকীক হত্যা কৰিবলৈ যোৰহাটৰ পৰা আহিছিল পংকজ ।

সাংবাদিক আফনুৰ আলী

উল্লেখযোগ্য যে, সাংবাদিকক আক্ৰমণৰ এই ঘটনাক বিভিন্নজনে গৰিহণা দিছে । লগতে সাংবাদিক আফনুৰ আলীৰ সাহসিকতাকো শলাগ লৈছে সকলোৱে ।

লগতে পঢ়ক :তেতেলীয়াত অচিনাক্ত বাহনৰ খুন্দাত বাইক আৰোহীৰ মৃত্যু

For All Latest Updates

ABOUT THE AUTHOR

...view details