গুৱাহাটী, 4 নৱেম্বৰঃ বিগত কেইদিন ধৰি ৰাজ্যত ভয়াৱহ ৰূপ লৈছে অবৈধ কয়লাৰ চোৰাং সৰবৰাহে । দৈনিক ইটোৰ পাছত সিটোকৈ অবৈধ কয়লা সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে যদিও ইয়াৰ বিৰুদ্ধে সঠিক পদক্ষেপ লোৱাত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন। সোমবাৰে যোৰাবাট আৰক্ষীয়ে আৰক্ষী চকীৰ সন্মুখত চলোৱা এক বিশেষ অভিযানত এখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে। যোৰাবাটৰ 12 মাইলৰ পৰা যোগীঘোপা লৈ গৈ থকা সময়ত AS-91DC-9799 নম্বৰৰ এখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে । ট্ৰাকখনৰ চালক ৰবীন্দ্ৰ দাসক (30 কাৰ্বি আংলং) যোৰাবাট আৰক্ষীয়ে সোধ-পোচৰ বাবে আটক কৰিছে ।
মহানগৰীত পুনৰ জব্দ কয়লা ভৰ্তি ট্ৰাক - মহানগৰীত পুনৰ জব্দ কয়লা ভৰ্তি ট্ৰাক
সোমবাৰে মহানগৰী আৰক্ষীয়ে পুনৰ জব্দ কৰে এখন কয়লা ভৰ্তি ট্ৰাক ৷ যোৰাবাট আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়তে চালকসহ জব্দ কৰে AS-91DC-9799 পঞ্জীয়নভুক্ত ট্ৰাকখন ৷
উল্লেখযোগ্য যে,ৰাজ্যত অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত অপৰাধ অনুসন্ধান শাখাই যোৱা 29 অক্টোবৰত বিশেষ অভিযান চলাইছিল ৷ গোপন সূত্ৰৰ ভিত্তিত লাভ কৰা খবৰ অনুসৰি,শ-শ অবৈধ কয়লা ভৰ্তি ট্ৰাক অসম মেঘালয় সীমান্তৱৰ্তী 6নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মহানগৰীত প্ৰৱেশ কৰাৰ বাবে ৰৈ আছিল । চিআইডিৰ দলটোৱে 29 অক্টোবৰৰ নিশা খানাপাৰাত অভিযান চলাই AS-01-GC-9077 অবৈধ কয়লা ভৰ্তি ট্ৰাকসহ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত চি আই ডিয়ে গোচৰ নং8/2018 ভিত্তিত মুঠ 19 লোকক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিছে যদিও অবৈধ কয়লা চোৰাং সৰবৰাহ বৰ্তমানেও অব্যাহত আছে ।