গুৱাহাটী, 31 জুলাই: পুনৰ বিতৰ্কৰ আৱৰ্তত হাতীগাঁও আৰক্ষী থানা ৷ এইবাৰ থানাৰ পৰাই পলাল আছামী ৷ বিগত কেইদিনমানৰ আগত এগৰাকী মহিলাৰ পৰা 20 লাখ টকা লৈ উধাও হৈ থানা খনৰ দুগৰাকী আৰক্ষী উপ-পৰিদৰ্শক গ্ৰেপ্তাৰ হোৱা বিষয়টো মাৰ নৌযাঁওতেই থানাৰ পৰা আছামী পলোৱা ঘটনাই পুনৰ বিতৰ্কত পেলাইছে হাতীগাঁও আৰক্ষী থানাক ৷
হাতীগাঁও আৰক্ষীৰ হাতৰ পৰা পলাল আছামী - গুৱাহাটী
যৌতুকজনিত গোচৰৰ ভিত্তিত জুৱেল খান নামৰ এজন আছামীক মঙলবাৰে আটক কৰিছিল হাতীগাঁও আৰক্ষীয়ে । বুধবাৰে পুৱা মেডিকেল কৰিবলৈ নিয়াৰ সময়তে আৰক্ষীৰ হাতৰ পৰাই পলায়ন কৰে আছামীজনে ।
জানিব পৰা মতে যৌতুকজনিত গোচৰৰ অভিযোগত জুৱেল খান নামৰ আছামীক মঙলবাৰে আটক কৰে হাতীগাঁও আৰক্ষীয়ে । পাছত বুধবাৰে পুৱা জুৱেলক মেডিকেল কৰিবলৈ নিয়াৰ সময়তেই আৰক্ষীৰ হাতৰ পৰাই পলায়ন কৰে আছামী জুৱেলে । উল্লেখযোগ্য যে জুৱেলে পত্নী সুস্মিতা ৰাজবংশী খানক দীৰ্ঘদিনৰ পৰাই যৌতুকৰ বাবে উপৰ্যুপৰি নিৰ্যাতন চলাই আহিছিল আৰু কিছুদিন পূৰ্বে হস্পিতালত মৃত্যু ঘটিছিল সুস্মিতাৰ। পাছত ঘটনা সন্দৰ্ভত সুস্মিতাৰ মাতৃ ৰঞ্জিতা বৰা ৰাজবংশীৰ গোচৰ নম্বৰ ৫৪০/১৯ৰ ২০৪ (B)/৩৪ ধাৰাৰ ভিত্তিত জুৱেলক আটক কৰে।