গুৱাহাটী, ৩১ ডিচেম্বৰ :বছৰৰ অন্তিম দিনটোত গুৱাহাটীত পৰিবহন বিভাগৰ উদ্যোগত পথ সুৰক্ষা সভা অনুস্থিত কৰাৰ লগতে বাহিৰ কৰা হয় সজাগতামূলক ৰেলী (Road safety awareness rally in Guwahati) । প্ৰায় ১০০ খনতকৈ অধিক চাৰিচকীয়া বাহনৰ আৰু মটৰ চাইকেলে অংশগ্ৰহণ কৰে এই ৰেলীত । গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ পৰা জি এছ ৰোড হৈ জু-ৰোডৰে পৰিবহন বিভাগৰ কাৰ্যালয়লৈ যায় এই ৰেলী ।
৩১ ডিচেম্বৰত দুৰ্ঘটনামুক্ত অসম গঢ়াৰ শ্ল’গানেৰে উলিওৱা হয় এই পথ সুৰক্ষা সজাগতামূলক ৰেলী । মুখ্যমন্ত্ৰীৰ আহ্বানত নৱবৰ্ষৰ প্ৰাকমূহুৰ্তত এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ পৰিকল্পনাৰে পৰিবহন বিভাগৰ উদ্যোগত আৰম্ভ কৰে এই যাত্ৰা । বিশেষকৈ মদ্যপান কৰি গাড়ী নকৰাৰ লগতে শীতকালত কুঁৱলীয়ে ঢকা সময়ত অপ্ৰয়োজনত গাড়ী নচলাবলৈ আহ্বান জনায় পৰিবহন বিভাগে ।
অনুষ্ঠানত পৰিবহণ বিষয়া গৌতম দাসে কয় যে, 31 ডিচেম্বৰত পৰিবহণ বিভাগ, আৰক্ষী আৰু আবকাৰী বিভাগে মহানগৰীৰ অলিয়ে-গলিয়ে চলাব অভিযান । নিশা সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে ৬ মাহ পৰ্যন্ত কাৰাবাস হ'ব পাৰে বুলি মন্তব্য কৰে (Guideline for 31st celebration in Guwahati)।