গুৱাহাটী, 5 নৱেম্বৰ : অসমীয়াত এষাৰ কথা আছে - "চৰাই মৰে ৰৈ, মানুহ মৰে কৈ" । একাংশ বহুবল্কী নেতাৰ বাবে অসমত কংগ্ৰেছ দলৰো বৰ্তমান অৱস্থা তেনেকুৱাই হৈছে । কেতিয়াবা যদি ৰূপজ্যোতি কুৰ্মী, কেতিয়াবা আকৌ শ্বেৰমান আলী আহমেদ নাইবা ৰকিবুল হুছেইন কিম্বা কমলাক্ষ্য দে' পুৰকায়স্থ । মুঠতে একাংশ কংগ্ৰেছ বিধায়কৰ মুখত লেকাম নোহোৱা অৱস্থাই এতিয়া বাৰুকৈয়ে বিপদত পেলাইছে প্ৰদেশ কংগ্ৰেছক । যাৰ পূৰ্ণ সুযোগ লৈছে শাসকীয় বিজেপি দলে ।
অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত তত্বাৱধায়ক, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে এই দায়িত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰলৈ অসমলৈ আহিয়েই প্ৰদেশ কংগ্ৰেছৰ নেতা, বিধায়ক সকলোকে সকীয়াই দি কলে, মুখত লেকাম লগাওঁক। বৃহস্পতিবাৰে জিতেন্দ্ৰ সিঙে বৰপেটাত নামনি অসমৰ জিলা সমূহৰ কংগ্ৰেছ নেতা-কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয় । তাৰ পূৰ্বে তেওঁ বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত দলটোৰ ভাতৃ-ভগ্নী সংগঠন সমূহৰ নেতৃবৰ্গৰে আলোচনাত মিলিত হৈছিল । আনহাতে, প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ বিষয়ববীয়া সকলৰে হোৱা বৈঠকত কেতবোৰ নতুন বাধা নিষেধ আৰোপ কৰে প্ৰদেশ কংগ্ৰেছৰ নতুন কেন্দ্ৰীয় তত্বাৱধায়ক গৰাকীয়ে ।