অসম

assam

ETV Bharat / city

JEE জালিয়াতি : 7 দিনৰ ন্যায়িক জিম্মালৈ কাকলি বুজৰবৰুৱা - কাকলি বুজৰবৰুৱাক 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

JEE পৰীক্ষা জালিয়াতিৰ সৈতে জড়িত কাকলি বুজৰবৰুৱাক 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ৷ 5 দিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰাৰ পাচত আজি কাকলি বুজৰবৰুৱাক হাজিৰ কৰোৱা হৈছিল আদালতত ।

JEE পৰীক্ষা জালিয়াতি
7 দিনৰ ন্যায়িক জিম্মালৈ কাকলি বুজৰবৰুৱা

By

Published : Nov 5, 2020, 9:51 PM IST

Updated : Nov 6, 2020, 6:05 AM IST

গুৱাহাটী, 5 নৱেম্বৰ : বৃহস্পতিবাৰে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় JEE পৰীক্ষা জালিয়াতিৰে জড়িত কাকলি বুজৰবৰুৱাক । আৰক্ষীয়ে নিজৰ জিম্মাত নিবিচৰাৰ বাবে আদালতে 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে কাকলি বুজৰবৰুৱাক । 5 দিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰাৰ পাচত আজি কাকলি বুজৰবৰুৱাক হাজিৰ কৰোৱা হৈছিল আদালতত ।

JEE পৰীক্ষা জালিয়াতি

ইতিমধ্যেই কাকলিক লগত লৈ আজাৰা আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাইছে । ইফালে অভিযুক্ত কাকলিৰ 7 মহীয়া সন্তানটোক কাৰাগাৰৰ এক বিশেষ কোঠাত ৰখা হ'ব বুলি জানিব পৰা গৈছে । আনহাতে, SI পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত দ্বিবন ডেকাৰ গোচৰৰ আজি শুনানি অনুষ্ঠিত হৈ যায় ।

লগতে পঢ়ক :কোন বিধায়কৰ ঘৰৰ সন্মুখত ই-ৰিক্সা চালকে কৰিলে প্ৰতিবাদ ?

Last Updated : Nov 6, 2020, 6:05 AM IST

ABOUT THE AUTHOR

...view details