অসম

assam

ETV Bharat / city

অখিল গগৈক কটাক্ষ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ - জয়ন্ত মল্ল বৰুৱা

কিছুমান নিয়মৰ মাজেৰে বিধানসভা পৰিচালিত হয় । কিন্তু অখিল গগৈয়ে সেইবোৰ বুজি নাপায় । আন্দোলনকাৰী এজনে য'তে-ত'তে যি মন যায় ক'ব পাৰে । কিন্তু বিধানসভাত মৰ্যাদা সহকাৰে কথা ক'ব লাগিব ।

অখিল গগৈক কটাক্ষ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ
অখিল গগৈক কটাক্ষ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ

By

Published : Sep 14, 2022, 7:04 PM IST

গুৱাহাটী, 14 ছোপ্টেম্বৰ:বিধানসভাৰ নিয়ম সন্দৰ্ভত বিধায়ক অখিল গগৈ জ্ঞাত নহয় নাইবা জানিও নুবুজাৰ ভাও ধৰে নাইবা পঢ়াই নাই । এই বক্তব্য মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ (Minister Jayanta Malla Baruah) ।

অখিল গগৈক কটাক্ষ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ

বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি তৃতীয় দিনা বিধায়ক অখিল গগৈক নিলম্বন কৰা সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্রীগৰাকীয়ে । তেওঁ কয় যে বিধানসভা কেতবোৰ নিয়মত চলে । যেতিয়াই মন যায় তেতিয়াই কিবা এটা ক'লে নহ'ব । কিছুমান নিয়মৰ মাজেৰে বিধানসভা (Assam Assembly) পৰিচালিত হয় ।

কিন্তু অখিল গগৈয়ে সেইবোৰ বুজি নাপায় । অখিল গগৈক কটাক্ষ কৰি তেওঁ কয় যে আন্দোলনকাৰী এজনে য'তে-ত'তে যি মন যায় ক'ব পাৰে । কিন্তু বিধানসভাত মৰ্য্যাদা সহকাৰে কথা ক'ব লাগিব । কোনো দিন প্ৰশ্ন উত্থাপন নকৰাকৈ আনৰ প্ৰশ্নৰ সময়ত যি মন যায় তাকে ক'লে নহ'ব নহয় ।

তেওঁ লগতে কয় যে অখিল গগৈয়ে সংবাদ মাধ্যমত স্থান পাই বাবেই চিঞৰ-বাখৰবোৰ বেছিকৈ কৰি আছে । তেনেকৈ বিধানসভা নচলে । তেওঁ কংগ্ৰেছৰ সদন ত্যাগ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

লগতে পঢ়ক:

ABOUT THE AUTHOR

...view details