গুৱাহাটী, 23 ডিচেম্বৰ : "পৃথিৱীৰ সৰ্ববৃহৎ বিশ্বাসঘাতকতাৰ দলিল অসম চুক্তি ৷" এই মন্তব্য পি এল পিৰ আদৰ্শৰে গঠিত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমৰ সম্পাদক ৰাজকুমাৰ বৈশ্যৰ ৷ বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি অসম চুক্তিক লৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰে বৈশ্যই ৷
পি এল পিৰ আদৰ্শৰে গঠিত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সংবাদমেল - ৰাজীৱ গান্ধী
অসম চুক্তিয়ে বিদেশী খেদাৰ পৰিৱৰ্তে বিদেশীক ৰক্ষনাবেক্ষণহে দিয়ে ৷ এই কথা জানিও ৩৫ বছৰে অসমবাসীক মুৰ্খ সজাই ৰাজনীতি কৰি আছে বুলি ক্ষোভ উজাৰে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমৰ সম্পাদক ৰাজকুমাৰ বৈশ্যই ৷
এই অসম চুক্তিয়ে বিদেশী খেদাৰ পৰিৱৰ্তে বিদেশীক ৰক্ষনাবেক্ষণহে দিয়ে ৷ এই কথা জানিও ৩৫ বছৰে অসম বাসীক মুৰ্খ সজাই ৰাজনীতি কৰি আছে বুলি ক্ষোভ উজাৰে ৰাজকুমাৰ বৈশ্যই ৷ সেয়ে পি এল পিয়ে অসম চুক্তিত চহী নকৰাৰ সাতটা কাৰণ ছপা কৰি গোহাৰী আকাৰে ৰাইজৰ মাজত বিলাইছে ৷
সংবাদ মেলত তেওঁলোকে আৰু এঢাপ আগুৱাই গৈ কয় যে, অস্পষ্ট আৰু মিছা কথাৰে ভৰপুৰ অসম চুক্তিখনে লাখ লাখ বিদেশীক অসমত থাকিবলৈহে সুবিধা কৰি দিছিল ৷ লগতে সেই সময়ত ৰাজীৱ গান্ধীয়ে অসমলৈ আহি বিদেশী ৰাখিবলৈহে এই অসম চুক্তি কৰা হৈছে বুলি ভাষণ দিছিল ৷ কিন্তু দিল্লীৰ ষড়যন্ত্ৰৰ ফলত অসম চুক্তিক লৈ কোনেও কাৰো কথা নুশুনাৰ পৰিৱেশ সৃষ্টি কৰিলে ৷ গতিকে আমি দিয়া গোহাৰী পত্ৰ পঢ়ি চালে সকলোৱে অসম চুক্তিৰ বিষয়ে বুজি উঠিব বুলি মন্তব্য কৰে বৈশ্যই ৷ ইয়াৰ উপৰিও অসম চুক্তিৰ দৰেই 'কা' আইনেও অসমত লাখ লাখ বিদেশী সংস্থাপন হ'ব বুলি মন্তব্য কৰে সংবাদমেলত ৷
লগতে পঢ়ক: গমাৰিগুৰি ব্লক কংগ্ৰেছৰ কাৰ্যালয় ছীল