গুৱাহাটী,৩১মে' : শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ প্ৰথম বৰ্ষপূতি উপলক্ষে এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । আলোচনা চক্ৰত আঞ্চলিক-ৰাজনৈতিক দলৰ নামত অসমত কেৱল সুবিধাবাদৰ ৰাজনীতি চলি আছে বুলি মন্তব্য কৰে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি অসমৰ সম্পাদক ৰাজকুমাৰ বৈশ্যই । লগতে সম্পাদক গৰাকীয়ে কয় "অসমৰ ৰাইজৰ আস্থা হেৰাই গৈছে ৰাজনৈতিক নেতাসকলৰ ওপৰৰ পৰা" । সাধাৰণ ৰাইজে নেতাসকলক দালাল বুলিয়ে ভাবে । ইয়াৰোপৰি বহু সংগঠনে কেব বিৰোধী আন্দোলনৰ নামত নাটক কৰিছে বুলি মন্তব্য কৰি সম্পাদকগৰাকীয়ে কয় যে, তাৰ বাবে ৰাইজে সংগঠনসমূহক ঘৃণাৰ চকুৰে চাবলৈ লৈছে ।
আঞ্চলিকতাবাদৰ নামত অসমত সুবিধাবাদৰ ৰাজনীতি চলিছে ! - মেঘালয়ৰ কনৰাড চাংমা
গুৱাহাটী প্ৰেছ ক্লাৱত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ প্ৰথম বৰ্ষপূতি উপলক্ষে অনুষ্ঠিত এক আলোচনা চক্ৰত আঞ্চলিক-ৰাজনৈতিক দলৰ লগতে নেতাসকলৰ ওপৰতো বহু গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ৷
গুৱাহাটী প্ৰেছ ক্লাৱত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান
ইফালে,ৰাইজৰ সমস্যা সমাধানৰ বাবেও দলসমূহে কোনো পদক্ষেপ গ্ৰহণ নকৰে বুলি মত প্ৰকাশ কৰে সম্পাদকগৰাকীয়ে । সংগঠন আৰু দল সন্দৰ্ভত উত্তৰ পূৱত জোৰান থাংছা ,মেঘালয়ৰ কনৰাড চাংমা,অৰুণাচলৰ গেগং আপাং আৰু মণিপুৰ ত্ৰিপুলছ পাৰ্টিৰ সৈতে অতি শীঘ্ৰে উত্তৰ পূৱৰ এখন সমূহীয়া মঞ্চ গঠন কৰা হ’ব বুলিও কয় জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ নেতৃত্বই ৷