অসম

assam

ETV Bharat / city

ৰেডিচনত জাপানীজ ফাউণ্ডেশ্যনৰ "জাপানীজ কাৰাভান" - গুৱাহাটী বিশ্ববিদ্যালয়

দেওবাৰে মহানগৰীৰ ৰেডিচন ব্লু হোটেলত অনুষ্ঠিত হৈ যায় "জাপানীজ কাৰাভান" নামে এক অনুষ্ঠান ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত জাপান ফাউণ্ডেশ্যনে জাপানীজ ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অনুষ্ঠিত কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে বহুসংখ্যক ছাত্ৰ-ছাত্ৰীকে ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈৰ লগত অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

ৰেডিচনত জাপানীজ ফাউণ্ডেশ্বনৰ "জাপানীজ কাৰাভান"

By

Published : Nov 11, 2019, 5:05 AM IST

Updated : Nov 11, 2019, 8:01 AM IST

গুৱাহাটী, 10 নৱেম্বৰঃ মহানগৰীৰ আগশাৰীৰ হোটেল ৰেডিচন ব্লুত দেওবাৰে অনুষ্ঠিত হৈ যায়, "জাপানীজ কাৰাভান" নামে এক অনুষ্ঠান ৷ জাপানীজ ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত জাপান ফাউণ্ডেশ্যনে আয়োজন কৰে এই বিশেষ অনুষ্ঠান ৷

ৰেডিচনত জাপানীজ ফাউণ্ডেশ্বনৰ "জাপানীজ কাৰাভান"

অনুষ্ঠানত জাপান ফাউণ্ডেশ্যনৰ প্ৰতিনিধিৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্ৰতাপ জ্যোতি সন্দিকৈ, অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীসহ বহুসংখ্যক ছাত্ৰী-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ জাপানৰ সাহিত্য সংস্কৃতি আৰু ভাষা প্ৰসাৰৰ বাবে জাপানীজ ফাউণ্ডেশ্যনে আয়োজন কৰে এই বিশেষ কাৰ্যসূচী ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ দক্ষতা বিকাশ মিছনে জাপানী ভাষা শিকাই থকাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ এই অনুষ্ঠানে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্বন্ধ অধিক সুদৃঢ় কৰি তুলিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে এই অনুষ্ঠানৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল বিশেষ উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে । উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত জাপানীজ ভাষাৰ প্ৰশিক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি প্ৰকাশ কৰে ।

লগতে পঢ়কঃ ফ'টো লাগে যদি মেমৰি কাৰ্ড দিব: ইতি ম'বাইল চোৰ

Last Updated : Nov 11, 2019, 8:01 AM IST

ABOUT THE AUTHOR

...view details