অসম

assam

By

Published : Apr 1, 2021, 1:02 PM IST

ETV Bharat / city

জনতা ভৱনৰ পৰা পোনপটীয়া নিৰীক্ষণত ৫০ শতাংশ ভোটকেন্দ্ৰ

জনতা ভৱনৰ মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ত স্থাপন কৰা নিয়ন্ত্রণ কক্ষৰ পৰাই পোনপটীয়াকৈ ৱেব কাষ্টিঙৰ ব্যৱস্থা থকা ভোটকেন্দ্ৰ সমূহৰ সকলো দিশ তদাৰক কৰি থকা হৈছে । ১০,৫৯২ টা ভোটকেন্দ্ৰৰ ৫০ শতাংশতেই ৱেব-কাষ্টিঙৰ ব্যৱস্থা আছে ।

janata_bhawan_monitoring_polling_station
জনতা ভৱনৰ পৰা পোনপতীয়া নিৰীক্ষণত ৫০ শতাংশ ভোটকেন্দ্ৰ

গুৱাহাটী,1 এপ্ৰিল: দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈ থকা ৰাজ্যৰ ৩৯ ট‍া সমষ্টিৰ ১০,৫৯২ টা ভোটকেন্দ্ৰৰ ৫০ শতাংশতেই ৱেব-কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে । এই কেন্দ্ৰসমূহৰ ভিতৰত স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰ আছে । ৱেব কাষ্টিঙৰ ব্যৱস্থা থকা ভোটকেন্দ্ৰসমূহৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া গুৱাহাটীৰ জনতা ভৱনৰ পৰা নিৰীক্ষণ কৰি থকা হৈছে । জনতা ভৱনৰ মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ত স্থাপন কৰা নিয়ন্ত্রণ কক্ষৰ পৰাই পোনপটীয়াকৈ ৱেব কাষ্টিঙৰ ব্যৱস্থা থকা ভোটকেন্দ্ৰ সমূহৰ সকলো দিশ তদাৰক কৰি থকা হৈছে । মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়ে আৰু যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া এল এন চহৰীয়াকে ধৰি আন বিষয়াসকলে নিয়ন্ত্রণ কক্ষৰ পৰা সকলো দিশ নিৰীক্ষণ কৰি আছে ।

লগতে পঢ়ক :মিছা কথা শুনিব খুজিলে মোডীৰ ভাষণ শুনক: ৰাহুল গান্ধী

উল্লেখ্য যে, আজি ৰাজ্যৰ ৩৯ টা সমষ্টিত অনুষ্ঠিত হৈ আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩১৯ জন পুৰুষ আৰু ২৬ গৰাকী মহিলা প্ৰাৰ্থী । আনহাতে মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭৩,৪৪,৬৩১ গৰাকী । ইয়াৰ ভিতৰত ৩৭,৩৪,৫৩৭ জন পুৰুষ, ৩৬,০৯,৯৫৯ গৰাকী মহিলা আৰু ১৩৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

এইবাৰ ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি ভোটকেন্দ্ৰৰ সংখ্যা কিছু বৃদ্ধি কৰা হৈছে । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অতিৰিক্তভাৱে আছে ১,৫৯৪ টা ভোটকেন্দ্ৰ । আনহাতে মহিলাৰ দ্বাৰা পৰিচালিত হৈছে ৫৫৬ টা ভোটকেন্দ্ৰ । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নিয়োজিত হৈছে ৪২,৩৬৮ গৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰী । উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত দিনৰ ১১ বজালৈ ২৭.৪৫ শতাংশ ভোটদান হোৱাৰ তথ্য সদৰী কৰিছে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ।

লগতে পঢ়ক :পুনৰ সাংবাদিকক আক্ৰমণৰ লক্ষ্য আজমলৰ

ABOUT THE AUTHOR

...view details