অসম

assam

ETV Bharat / city

ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ বিৰ্তক ! লেখকৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব জমিয়ত উলেমা - গুৱাহাটী বাতৰি

দিছপুৰ প্ৰেছ ক্লাবত অসমৰ ৰাজ্যিক জমিয়ত উলেমাৰ সংবাদমেল ৷ উত্তৰ-পূব গ্ৰন্থমেলাত সদ্য প্ৰকাশিত বিতৰ্কিত গ্ৰন্থ 'ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ'ৰ লিখক সত্যৰঞ্জন বৰা বিৰুদ্ধে ন্যায়ালয়লৈ যাব উলেমা ৷ গ্ৰন্থখনক বিষাক্ত আখ্যা দিলে ৰাজ্যিক জমিয়তৰ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীৰ ৷

প্ৰসংগ 'ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ' বিৰ্তক: লেখকৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হব জমিয়ত উলেমা

By

Published : Nov 4, 2019, 10:22 PM IST

গুৱাহাটী, 4 নৱেম্বৰ: সদ্যপ্ৰকাশিত বিজেপি কৰ্মী সত্যৰঞ্জন বৰাৰ বিতৰ্কিত গ্ৰন্থ 'ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ'ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম ৰাজ্যিক জমিয়ত উলেমা ৷ সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সাংবাদমেল সম্বোধন কৰি গ্ৰন্থখনৰ লেখক সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা সদৰি কৰে ৰাজ্যিক জমিয়ত উলেমাৰ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীয়ে ৷ গ্ৰন্থখনক অতন্ত্য বিষাক্ত তথা অসত্যৰে পৰিপূৰ্ণ এখন মিছা কথাৰ দলিল আখ্যা দি কাছিমীয়ে কয় যে, " অসমৰ মুছলমানে এনে এখন গ্ৰন্থ কেতিয়াও বিচৰা নাছিল ৷ ইছলামক অপমান কৰা এই গ্ৰন্থৰ লেখক সত্যৰঞ্জন বৰাক তেওঁৰ অভিযোগ সমূহ সত্য প্ৰমাণ কৰিবলৈ আমি চেলেঞ্জ কৰিছো ৷ অন্যথা অতি শীঘ্ৰে তেওঁৰ বিৰুদ্ধে ৰাজ্যিক জমিয়ত উলেমা ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব ৷"

সংবাদমেলত কাছিমীয়ে সত্যৰঞ্জন বৰাক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈও আহ্বান জনোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক অভিযোগ দাখিল কৰি বিহীত ব্যৱস্থা ল'বলৈ আহ্বান জনাব বুলি মন্তব্য কৰে ৷

ইফালে, গ্ৰন্থমেলাৰ হিন্দুত্বকৰণ হোৱাৰো চাঞ্চল্যকৰ অভিযোগ কৰে ৰাজ্যিক জমিয়ত উলেমাৰ সম্পাদকজনে বিতৰ্কিত গ্ৰন্থখন বাবৰী মছজিদৰ ৰায় অহাৰ প্ৰাকমূহুৰ্তত মুছলমান লোকসকলক উত্তেজিত কৰাৰ বিজেপিৰ এজেণ্ডা নেকি বুলিও প্ৰশ্ন কৰে ৷ গ্ৰন্থমেলাত একাংশই ইছলাম বিৰোধী গ্ৰন্থ তথা বিকৃত কোৰান বিক্ৰী কৰাৰো অভিযোগ কৰে মৌলানা ফজলুল কৰিম কাছিমীয়ে ৷ তেওঁৰ মতে,"য'ত প্ৰতিটো কাৰ্যসূচী হিন্দু ধৰ্মীয় ৰীতি-নীতিৰেই আৰম্ভ কৰা হয় তাত যদি মুছলমান ৰীতি-নীতি কৰা হয় তেন্তে ধৰ্মনিৰপেক্ষগিৰি দেখুওৱা হ'ব।"

দিছপুৰ প্ৰেছ ক্লাবত অসমৰ ৰাজ্যিক জমিয়ত উলেমাৰ সংবাদমেল

আৰু পঢ়ক :ডিমা হাছাওত পৰম্পৰাগত সাজ পৰিধান কৰি কাৰ্যালয়ত উপস্থিত কৰ্মচাৰী

ABOUT THE AUTHOR

...view details