গুৱাহাটী,21ডিচেম্বৰ :সোমবাৰে জালুকবাৰীৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ ওচৰত উপস্থিত হয় পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা । ক্ষতিগ্ৰস্ত লোক সকলৰ দুখ-দুৰ্দশাৰ বুজ লয় বিধায়ক গৰাকীয়ে । বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জনোৱা অনুসৰি, গৃহহীন লোক সকলৰ বাবে জালুকবাৰীস্থিত হজ ভৱনত অস্থায়ী আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । লোক সকলৰ খাদ্য, বাসস্থানৰ ক্ষেত্ৰতো সহায় আগবঢ়াব প্ৰশাসনে । ইয়াৰ লগতে ক্ষতিগ্ৰস্ত লোক সকলক সকলো প্ৰকাৰে জিলা প্ৰশাসনে সহায় কৰিব বুলিও বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰকাশ কৰে ।
উল্লেখ্য যে, জালুকবাৰীত যোৱা শনিবাৰে সংঘটিত হৈছিল ভয়ানক অগ্নিকাণ্ড । য'ত ৭০টাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছিল । বৰ্তমান এই লোক সকলৰ সকলো তথ্য সংগ্ৰহ কৰিছে চৰকাৰে । পৰ্যায়ক্ৰমে ক্ষতিপূৰণ দিয়াৰো ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে । ইতিমধ্যেই জিলা প্ৰশাসনৰ ফালৰ পৰা ১২০ খনকৈ কম্বল যোগান ধৰা হৈছে লোক সকলৰ মাজত ।