অসম

assam

ETV Bharat / city

হিমন্ত বিশ্ব শৰ্মাক দাগ থকা কাপোৰৰ লগত তুলনা জয়ৰাম ৰমেশৰ - Congress Leader Jayram Ramesh

"মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাকে নকৰি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধায়ক বেচা-কিনা কামত জড়িত হৈ আছে । আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপাৰেচন পদুম নহয়, অপাৰেচন জাৱৰ অভিযান চলাই আছে।" কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা জয়ৰাম ৰমেশে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে কংগ্ৰেছ দলত দুই ধৰণৰ সদস্য থাকে ।

Etv Bharatহিমন্ত বিশ্ব শৰ্মাক দাগ থকা কাপোৰৰ লগত তুলনা জয়ৰাম ৰমেশৰ
Etv Bহিমন্ত বিশ্ব শৰ্মাক দাগ থকা কাপোৰৰ লগত তুলনা জয়ৰাম ৰমেশৰharat

By

Published : Sep 16, 2022, 6:28 PM IST

গুৱাহাটী, 16 ছেপ্টেম্বৰ: বেলেগ ৰাজ্যৰ ৰাজনৈতিক বিষয়ত গুৰুত্ব দিয়াতকৈ নিজৰ ৰাজ্যত গুৰুত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পৰামৰ্শ দিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা তথা প্ৰাক্তন মন্ত্ৰী জয়ৰাম ৰমেশে (Congress Leader Jayram Ramesh) ।

গুৱাহাটীত শুক্ৰবাৰে অনুষ্ঠিত এখন সংবাদমেলত কংগ্ৰেছৰ জেষ্ঠ নেতা জয়ৰাম ৰমেশে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই পৰামৰ্শ দি কয় যে 45 মিনিটত গুৱাহাটীৰ বিমান বন্দৰৰ পৰা এ বি চিত থকা ৰাজীৱ ভৱন পাব লাগে যদিও তেওঁৰ 2 ঘন্টা সময়ৰ প্ৰয়োজন হৈছে । বেয়া ৰাস্তা ভাল কৰা আৰু যানজঁট নিয়ন্ত্ৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিব লাগে‌ ।

তেওঁ কয় - " মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাকে নকৰি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধায়ক বেচা-কিনা কামত জড়িত হৈ আছে । আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপাৰেচন পদুম নহয়, অপাৰেচন জাৱৰ অভিযান চলাই আছে (Operation lotus by BJP)।" কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা জয়ৰাম ৰমেশে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে কংগ্ৰেছ দলত দুই ধৰণৰ সদস্য থাকে ।

এজন কোনো দাগ নথকা চাফা কাপোৰৰ দৰে আৰু আনজন দাগ থকা লেতেৰা কাপোৰৰ দৰে । হিমন্ত বিশ্ব শৰ্মা দাগ থকা লেতেৰা কাপোৰৰ দৰে । হিমন্ত বিশ্ব শৰ্মাক ৱাছিং মেছিনত ধুব লাগিব (Assam CM Himanta Biswa Sarma) ।" জয়ৰাম ৰমেশে কয়- "হিমন্ত বিশ্ব শৰ্মাক হিতেশ্বৰ শইকীয়াই ৰক্ষা কৰিছিল । হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দল ভাঙিবলৈ যিমানেই চেষ্টা কৰে সিমানে আমি কংগ্ৰেছ দলক শক্তিশালী কৰি যাম।"

লগতে পঢ়ক:ভূপেন বৰাক বিৰামহীন কবিতা চৰ্চাৰ পৰামৰ্শ পবিত্ৰ মাৰ্ঘেৰিটাৰ

ABOUT THE AUTHOR

...view details