অসম

assam

ETV Bharat / city

দেশবাসীক ঋণৰ বোজা জাপি অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব নোৱাৰিঃ জগদীশ ভূঞা - প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা

কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক পেকেজ সম্পৰ্কত জগদীশ ভূঞাৰ প্ৰতিক্ৰিয়া ৷ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দেওবাৰে পঞ্চম তথা অন্তিম কিস্তিৰ কথা ঘোষণা কৰাৰ পাচতে ভূঞাৰ প্ৰতিক্ৰিয়া ৷ দেশবাসীক ঋণৰ বোজা জাপি অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব নোৱাৰি বুলি ভূঞাৰ প্ৰকাশ ৷

প্ৰাক্তন মন্ত্ৰী
জগদীশ ভূঞা

By

Published : May 17, 2020, 5:44 PM IST

গুৱাহাটী, ১৭ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিধ্বস্ত অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ পেকেজ ঋণৰ প্ৰৱনতাৰে ভৰপূৰ । এই পেকেজত আছে কেৱল ঋণ প্ৰদানৰ কথাহে । দেশবাসীক ঋণগ্ৰস্ত কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিব নোৱাৰি । এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই ।

জগদীশ ভূঞা

প্ৰধানমন্ত্ৰীৰ ২০ লাখ কোটি টকীয়া পেকেজৰ পৰা কোন কোন খণ্ড‌ কেনেদৰে লাভাৱান্বিত হ'ব সেই বিষয়ে দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমেল যোগে নিয়মীয়াকৈ ঘোষণা কৰি থাকিলেও ঋণকেন্দ্ৰীক এই পেকেজৰ পৰা খাটি খোৱা জনতা উপকৃত হোৱাৰ আশা নাই বুলিও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।

ঋণৰ পৰিবৰ্তে জনসাধাৰণে নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰাকৈ, সঁচা অৰ্থত স্বাৱলম্বী হ'ব পৰাকৈ ভাৰত চৰকাৰে এক সুকীয়া ব্যৱস্থা পৰিৱৰ্তন কৰিলেহে দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ আশা কৰিব পাৰি বুলি মন্তব্য কৰে জগদীশ ভূঞাই ।

ABOUT THE AUTHOR

...view details