গুৱাহাটী, ২৮ নৱেম্বৰ :ৰাজ্যৰ সাংবাদিক-সংবাদকৰ্মীসকলৰ অগ্ৰণী সংগঠন জাৰ্ণেলিষ্ট এছ’চিয়েছন ফ’ৰ আসাম(Journalists Association For Assam) চমুকৈ জাফাই দেওবাৰে বিভিন্ন শিতানত মুঠ ২৭গৰাকী ব্যক্তিলৈ জাফা এচিভাৰ্ছ এৱাৰ্ড 21(JAFA Achievers Award 2021) প্ৰদান কৰে ৷ দিছপুৰৰ অসম লোকনিৰ্মাণ বিভাগৰ গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সন্মিলন ও প্ৰশিক্ষণ কেন্দ্ৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটাসমূহ ৷
জাফা এচিভাৰ্ছ এৱাৰ্ডৰ বঁটাপ্ৰাপকসকল হৈছে জিতেন্দ্ৰ কুমাৰ চৌধুৰী (দৈনিক অসম), মৌচম জ্যোতি বৈশ্য ( দ্য ছেণ্টিনেল), ছায়ামনি ভূঞা (নিউজ লাইভ), ধ্ৰুৱজ্যোতি পাঠক (অসমীয়া প্ৰতিদিন), নয়ন প্ৰতীম কুমাৰ (প্ৰতিদিন টাইম), ডি ৱাই ৩৬৫ৰ প্ৰদীপ বৰ্মন, আফতাব আলী (ইউ বি ফটোজ) গীতাশ্ৰী তালুকদাৰ (নিউজ ১৮ আসাম নৰ্থ ইষ্ট) নিলয় পাল(প্ৰান্তজ্যোতি দৈনিক), লং সিং টেৰণ (দৈনিক কাৰ্বি থেকাৰ ) ৷
জাফাই সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়াই কেইবাগৰাকী বিশিষ্ট ব্যক্তিকো এই বঁটা প্ৰদান কৰে ৷ তেওঁলোক হৈছে ক্ৰমে মানৱ অধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়া, উদ্যোগী আৰ্জেদ চহৰীয়া, বিশিষ্ট সমাজকৰ্মী তুষাৰ পাল, জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা, মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতা, পৰিবহণ আয়ুক্ত তথা অসম উদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক আদিল খান, যুৱ নেতা জীৱেশ ৰায়ক প্ৰদান কৰে এই বঁটা ৷