আইটিবিপি জোৱানৰ ৰহস্যজনক মৃত্যু - উচ্চ ৰক্তচাপ ৰোগ
আইটিবিপি জোৱানৰ ৰহস্যজনক মৃত্যু
2019-06-10 13:31:00
মৃত মণিৰাম মধ্যপ্ৰদেশৰ বাসিন্দা
গুৱাহাটী, 10 জুন : গুৱাহাটী মহানগৰীৰ গেমছ ভিলেজত সংঘটিত হৈছে এক অঘটন ৷ ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লৈছে মণিৰাম নামৰ 33 নম্বৰ বেটেলিয়ানৰ কনিষ্টবলজনে ৷ মধ্যপ্ৰদেশৰ মণিৰাম উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে চিকিৎসাধীন হৈ আছিল ৷
গেমছ ভিলেজৰ 6 নম্বৰ মহলাৰ পৰা হঠাৎ পৰি যোৱাত জোৱানজনৰ মৃত্যু হয় ৷ বশিষ্ঠ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ৷
Last Updated : Jun 10, 2019, 7:12 PM IST