অসম

assam

ETV Bharat / city

উৰ্দুৰ প্ৰতি আগ্ৰহী নহয় অসমৰ ছাত্ৰ-ছাত্ৰী - উৰ্দুৰ প্ৰতি আগ্ৰহী নহয় অসমৰ ছাত্ৰ-ছাত্ৰী

যোৱা দুবছৰে বন্ধ হৈ থকা অসমৰ একমাত্ৰ উৰ্দু ভাষাৰ বিদ্যালয়খন

অসমৰ একমাত্ৰ উৰ্দু ভাষাৰ পাঠদান কৰা বিদ্যালয়

By

Published : Feb 5, 2019, 11:49 PM IST


গুৱাহাটী,৫ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ইছলামপুৰস্থিত মাদাৰ আইছা ইংৰাজী হাইস্কুলত যোৱা দুবছৰে বন্ধ হৈ আছে উৰ্দুৰ পাঠদান। ২০০৬ চনৰ পৰাই ছাত্ৰ-ছাত্ৰী সকলক অন্যান্য পাঠ্যক্ৰমৰ সমান্তৰালকৈ উৰ্দু ভাষাৰ শিক্ষা প্ৰদান কৰা হৈছিল । প্ৰথম অৱস্থাত বহু ছাত্র-ছাত্ৰী উৰ্দুৰ প্ৰতি আকৰ্ষিত হৈছিল যদিও বৰ্তমান এই ভাষাৰ প্ৰতি আগ্ৰহী নহয় ছাত্ৰ-ছাত্ৰী।

অসমৰ একমাত্ৰ উৰ্দু ভাষাৰ পাঠদান কৰা বিদ্যালয়

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে জনোৱা মতে আধুনিক যুগৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত প্ৰয়োগ কৰা হেঁচাৰ ফলতেই আগ্ৰহ থাকিলেও উৰ্দুৰ শিক্ষা ল'ব নিবিচাৰে ছাত্ৰ-ছাত্ৰীয়ে। ভাৰতৰ এক অতি জনপ্ৰিয় ভাষা হিচাপে সকলোৱে উৰ্দু ভাষা জানিব লাগে বুলি বিশ্বাসী বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী।

উল্লেখ্য় যে, ভাৰত চৰকাৰৰ উৰ্দু ভাষা প্ৰচাৰ আৰু প্ৰসাৰ বিভাগে প্ৰতিখন ৰাজ্যতে উৰ্দু ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। অসমতো ভাৰত চৰকাৰৰ এই বিভাগটোৱে উৰ্দু ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মহানগৰীৰ ইছলামপুৰৰ মাদাৰ আইছা ইংৰাজী হাই স্কুলক উৰ্দু পাঠ্যক্ৰম অন্তৰ্ভূক্তি কৰিছিল। ২০০৬ পৰা ২০১৬ চনলৈ এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বহু অভিভাৱকে উৰ্দু ভাষাৰ শিক্ষা গ্ৰহণ কৰিছিল। যদিও বৰ্তমান উৰ্দু ভাষাৰ প্ৰতি অসমীয়া ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ কম তথাপিও পুনৰ উৰ্দু ভাষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকল আকৰ্ষিত হ'ব বুলি আশাবাদী বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল ।

ABOUT THE AUTHOR

...view details