অসম

assam

By

Published : Dec 7, 2019, 6:23 PM IST

ETV Bharat / city

আইএছএল : সৰুসজাইত নৰ্থ ইষ্ট ইউনাইটেড বনাম এথলেটিক' ডি কলকতা

শনিবাৰে আইএছএলৰ এখন গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ'ব নৰ্থ ইষ্ট ইউনাইটেড আৰু এথলেটিক' ডি কলকতা ৷ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মেচখন ৷

আইএছএল
ৰবাৰ্ট জাৰ্নী আৰু ৰেগান সিং

গুৱাহাটী, 7 ডিচেম্বৰ : শনিবাৰে আইএছএলৰ এখন গুৰুত্বপূৰ্ণ মেচত মুখামুখি হ'ব দুই শক্তিশালী দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু এথলেটিক' ডি কলকাতা ৷ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত বিয়লি ৭.৩০ বজাৰ পৰা আৰম্ভ হ'ব মেচখন ৷ দুয়ো দল আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাচতে আয়োজন কৰা এক সংবাদমেলত উপস্থিত থাকে নৰ্থ ইষ্ট ইউনাইটেড দলৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নী আৰু উপ-অধিনায়ক ৰেগান সিং ৷

ৰবাৰ্ট জাৰ্নী আৰু ৰেগান সিঙৰ সংবাদমেল

চলিত সংস্কৰণত যথেষ্ট শক্তিশালী ৰূপত অৱতীৰ্ণ হ'লেও কলকাতা দলক ঘৰুৱা খেলপথাৰত নৰ্থ ইষ্ট দলে পৰাজিত কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নীয়ে । এই খেলখন তীব্ৰ প্ৰতিদ্বন্দিতামূলক হ'ব বুলিও উল্লেখ কৰে মুখ্য প্ৰশিক্ষকগৰাকীয়ে । তাৰোপৰি, ঘৰুৱা দৰ্শকৰ উৎসাহত খেলুৱৈসকলৰ আত্মবিশ্বাস অধিক বৃদ্ধি পাব বুলি আশা কৰে ৰেগান সিঙে ।

উল্লেখযোগ্য যে, বৰ্তমান আইএছএলৰ পইন্ট তালিকাত ১১ পইন্টৰে দ্বিতীয় স্থানত আছে এথলেটিক' ডি কলকাতা ৷ ইয়াৰ বিপৰীতে ১০ পইন্টৰে চতুৰ্থ স্থানত আছে নৰ্থ ইষ্ট ইউনাইটেড । শনিবাৰৰ মেচত শক্তিশালী কলকাতা দলে নৰ্থ ইষ্ট ইউনাইটেডৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি ধাৰণা কৰা হৈছে ৷ ইফালে এই খেলখনত নৰ্থ ইষ্ট ইউনাইটেড জয়ী হ'লে পইন্ট তালিকাৰ শীৰ্ষ স্থানলৈ উন্নীত হ'বলৈ সক্ষম হ'ব । সেয়েহে শনিবাৰৰ মেচখন ঘৰুৱা দলটোৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

আৰু পঢ়ক : মৃত্যুদণ্ড অথবা যাবজ্জীৱন কাৰাদণ্ড

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details