অসম

assam

ETV Bharat / city

অসমলৈ গৌৰৱ আনিলে গুৱাহাটীৰ ঈশিতা কাশ্যপে - 21 karate championship in bangladesh

ঈশিতা কাশ্যপে বাংলাদেশত অনুষ্ঠিত হোৱা 21 অনুৰ্দ্ধৰ জুনিয়ৰ চাউথ এছিয়ান কাৰাটে চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

জুনিয়ৰ চাউথ এছিয়ান কাৰাটে চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ

By

Published : Nov 13, 2019, 6:33 PM IST

গুৱাহাটী , 13 নৱেম্বৰ :জুনিয়ৰ চাউথ এছিয়ান কাৰাটে চেম্পিয়নশ্বিপত পুনৰবাৰ দেশৰ নাম উজলালে অসম সন্তান ঈশিতা কাশ্যপে ৷ বাংলাদেশত অনুষ্ঠিত হোৱা 21 অনুৰ্দ্ধৰ চাউথ এছিয়ান কাৰাটে প্ৰতিযোগীতাত ঈশিতা কাশ্যপে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ বেলতলাৰ নিবাসী নীল তালুকদাৰৰ কন্যা ঈশিতা কাশ্যপ ৷ প্ৰতিযোগিতা খনত অসমৰ একমাত্ৰ প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰি ৰূপৰ পদক লাভ কৰে কিশোৰীগৰাকীয়ে ৷ ঈশিতা কাশ্যপ বাংলাদেশৰ পৰা আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে কাৰাটে সংস্থাৰ লগতে স্থানীয় ৰাইজেও উষ্ম আদৰণি জনায় ৷

জুনিয়ৰ চাউথ এছিয়ান কাৰাটে চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ

ABOUT THE AUTHOR

...view details