গুৱাহাটী, ২৭ ডিচেম্বৰ :বছৰটোৱে বিদায় ল’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত সোমবাৰে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে অসম আৰক্ষীৰ ৯ গৰাকী উপ মহাপৰিদৰ্শক (DIG)ক মহাপৰিদৰ্শক (IGP) পদলৈ উন্নীত কৰিছে । মহাপৰিদৰ্শক হিচাপে পদোন্নতি লাভ কৰা এই ৯ গৰাকী শীৰ্ষ আৰক্ষী বিষয়া হ'ল ক্ৰমে আনন্দ প্ৰকাশ তিৱাৰী, নিতুল গগৈ, দেৱৰাজ উপাধ্যায়, ভায়’লেট বৰুৱা, দিগন্ত বৰা, লাচিত বৰুৱা, মৃদুলানন্দ শৰ্মা, দিলীপ কুমাৰ দে' আৰু প্ৰশান্ত কুমাৰ ভূঞা ।
আনন্দ প্ৰকাশ তিৱাৰীয়ে সম্প্ৰতি ডেপুটেশ্বনত উত্তৰ প্ৰদেশত কৰ্তব্যৰত হৈ আছে । আনহাতে আন এগৰাকী আই পি এছ বিষয়া দিগন্ত বৰাই সম্প্ৰতি কাৰ্যনিৰ্বাহ কৰি আছে অসম চৰকাৰৰ গৃহ সচিব হিচাপে (Home secretary of Assam)। গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আজি পদোন্নতি লাভ কৰা ভায়’লেট বৰুৱা(Violet Baruah promoted as IGP) হ'ল মহাপৰিদৰ্শকৰ আসনত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা আই পি এছ বিষয়া(Assam's first woman IGP) । ইয়াৰ পূৰ্বে কোনো অসমীয়া মহিলা মহাপৰিদৰ্শক পদত অধিষ্ঠিত হোৱা নাছিল ।