অসম

assam

ETV Bharat / city

নদীৰ সম্পদ-সম্ভাৱনীয়তাক লৈ গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় 'নদী সন্মিলন' - Industry minister Chandra Mohan Patowary

এছিয়ান কনফ্লুয়েন্সৰ উদ্যোগত 28 আৰু 29 মে'ত গুৱাহাটীত অনুষ্ঠিত হ'ব 'নদী সন্মিলন' । বংগোপ উপসাগৰীয় আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ মাজত জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু সম্পদ হিচাপে ব্যৱহাৰৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহক লৈ হ’ব আলোচনা । সন্মিলনখনত জল যোগাযোগ ব্যৱস্থা,শক্তি উৎপাদন আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান লাভ কৰিব ।

international-river-summit-in-guwahati
নদীৰ সম্পদ-সম্ভাৱনীয়তাক লৈ গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় 'নদী সন্মিলন'

By

Published : May 26, 2022, 9:35 PM IST

গুৱাহাটী, 26 মে': নদীকেন্দ্ৰিক বিশাল ব্যৱসায়-বাণিজ্যকে ধৰি নদীৰ সম্পদ-সম্ভাৱনীয়তা সন্দৰ্ভত গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন । এছিয়ান কনফ্লুয়েন্সৰ উদ্যোগত 28 আৰু 29 মে'ত গুৱাহাটীত অনুষ্ঠিত হ'ব 'নদী সন্মিলন'। মেঘালয়ৰ শ্বিলং আৰু বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হোৱাৰ পিছত তৃতীয় সংস্কৰণ 'এছিয়ান কনফ্লুৱেন্স নদী সন্মিলন-2022' গুৱাহাটীত অনুষ্ঠিত হ'ব ।

বংগোপ উপসাগৰীয় আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ মাজত জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু সম্পদ হিচাপে ব্যৱহাৰৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহক লৈ দুদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ’ব নদী সন্মিলন । ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয় আৰু অসম চৰকাৰৰ এক্ট ইষ্ট নীতি পৰিক্ৰমা বিভাগ, উত্তৰ-পূব পৰিষদ আৰু অন্যান্য অংশীদাৰৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে ।

নদীৰ সম্পদ-সম্ভাৱনীয়তাকলৈ গুৱাহাটীত দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় 'নদী সন্মিলন'

সম্মিলনখনত দেশ-বিদেশৰ কেইবাগৰাকীও সমল ব্যক্তিৰ লগতে বিশেষজ্ঞই অংশ গ্ৰহণ কৰিব । অসম চৰকাৰৰ এক্ট ইষ্ট নীতি পৰিক্ৰমা বিভাগৰ সচিব মানবেন্দ্ৰ সিং আৰু এছিয়ান কনফ্লুৱেন্সৰ কাৰ্যবাহী সঞ্চালক সব্যসাচী দত্তই জানিবলৈ দিয়া মতে ‘নদী-3’ সন্মিলনৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চল আৰু অসমক কেন্দ্ৰবিন্দু হিচাপে লৈ বংগোপ উপসাগৰীয় অঞ্চল আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে আঞ্চলিক সহযোগিতাৰে এক সামূহিক দৃষ্টিভংগী গ্ৰহণ কৰা ।

লগতে পঢ়ক:ডেৰ মিনিটৰ ঘূৰ্ণী বতাহে তাণ্ডৱ চলালে লখিমপুৰত

বাংলাদেশ ফাউণ্ডেছন ফ'ৰ ৰিজিঅ'নেল ষ্টাডিজে সহযোগিতা আগবঢ়োৱা সন্মিলনখনত আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ, আই আই টি গুৱাহাটী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে সমর্থন আগবঢ়াইছে । নদী সন্মিলনত হিমালয়ৰ দক্ষিণ অঞ্চলৰ পৰা গংগালৈকে, ব্ৰহ্মপুত্ৰৰ পৰা মেকঙলৈকে নদী অৱবাহিকাৰ সংলগ্ন অঞ্চলত সাধাৰণ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ ৰাজনৈতিক সীমাৰ বাহিৰত প্ৰয়োজন হোৱা ঘনিষ্ঠ সহযোগিতা সন্দৰ্ভত আলোচনা হ'ব ।

নদীৰ সম্পদ-সম্ভাৱনীয়তাকলৈ গুৱাহাটীত দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় 'নদী সন্মিলন'

সন্মিলনখন 28 মে'ৰ পুৱা 9.30 বজাত গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব । অনুষ্ঠানত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰ (External affairs minister S Jayshankar), বাংলাদেশৰ বৈদেশিক মন্ত্রী ড৹ এ কে আব্দুল মমেন (Bangladesh foreign minister A K Abdul momen), থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডন প্ৰমুৱাইনাই (Thailand foreign affairs minister), অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sharma), উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Industry minister Chandra Mohan Patowary) অংশগ্ৰহণ কৰিব ।

নদীৰ সম্পদ-সম্ভাৱনীয়তাকলৈ গুৱাহাটীত দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় 'নদী সন্মিলন'

তদুপৰি কেইবাখনো দেশৰ উচ্চায়ুক্ত আৰু ৰাষ্ট্ৰদূত, শীর্ষবিশেষজ্ঞ, বিজ্ঞানী আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । 29 মে'ৰ সন্ধিয়া হ'বলগীয়া সামৰণী অনুষ্ঠানত ভাৰতৰ বিত্তমন্ত্ৰী নির্মলা সীতাৰমণ (Finance minister Nirmala Sitharaman) উপস্থিত থাকিব । ইয়াৰ পূৰ্বে শ্বিলং আৰু ঢাকাত এই নদী সন্মিলন অনুষ্ঠিত হৈছিল । গুৱাহাটীত হ'বলগীয়া তৃতীয় সংস্কৰণৰ সন্মিলনখনত বহনক্ষম উন্নয়নৰ বাবে নদীকেন্দ্ৰিক সম্পদসমূহৰ সুৰক্ষা আৰু ব্যৱহাৰৰ ওপৰত বিশদভাৱে আলোচনা কৰা হ'ব ।

নদীৰ সম্পদ-সম্ভাৱনীয়তাক লৈ গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় 'নদী সন্মিলন'

তদুপৰি সন্মিলনখনত জল যোগাযোগ ব্যৱস্থা, শক্তি উৎপাদন আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান লাভ কৰিব । জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত উত্তৰ-পূবৰ ৰাজ্য আৰু চুবুৰীয়া দেশসমূহৰ সৈতে সু-পৰিকল্পিত সহযোগিতাই বহু পৰিমাণে এই অঞ্চলটোক দুৰ্যোগৰ পৰা উদ্ধাৰ কৰাৰ লগতে যোগাযোগ ব্যৱস্থা আৰু সেউজ বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰে । এই দিশটোৰ ওপৰত সন্মিলনত আলোচনা হ'ব । আনহাতে সন্মিলনখনত সংযোগ, সংস্কৃতি, বাণিজ্য, সংৰক্ষণ আৰু সহযোগিতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব ।

লগতে পঢ়ক:চাহ বাগিচাত আদৰ্শ বিদ্যালয়ঃ উদ্বোধনৰ পূৰ্বেই ভাঙি পৰিল বিদ্যালয়ৰ চিলিং

ABOUT THE AUTHOR

...view details