অসম

assam

ETV Bharat / city

শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত - ৰাজহুৱা আৰু ব্যক্তিগত বাহন

আন্তঃজিলা যাতায়ত বন্ধৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ ৷ কৰ’ণা সংক্ৰমণ ৰোধ কৰাৰ বাবেই এই সিদ্ধান্ত চৰকাৰৰ ৷ জৰুৰীকালীন সেৱাসমূহক দিয়া হৈছে ৰেহাই ৷

ৰাজ্যত শুকুৰবাৰৰ পৰা বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত
ৰাজ্যত শুকুৰবাৰৰ পৰা বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত

By

Published : May 17, 2021, 9:56 PM IST

গুৱাহাটী, ১৭ মে': অৱধাৰিতভাৱেই ৰাজ্য চৰকাৰে সোমবাৰে সন্ধিয়া জাৰি কৰিলে সেই বিশেষ নিৰ্দেশনা । ২১ মে' অৰ্থাৎ শুকুৰবাৰৰ পুৱা ৫ বজাৰ পৰা অসমৰ সকলো জিলাৰ মাজত যাতায়ত বন্ধ হৈ পৰিব । মুখ্য সচিব জিষ্ণু বৰুৱাই সোমবাৰে সন্ধিয়া জাৰি কৰিছে এই নিৰ্দেশনা ।

ৰাজ্যত শুকুৰবাৰৰ পৰা বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত

নিৰ্দেশনা অনুসৰি শুকুৰবাৰৰ পৰা অসমত আন্তঃজিলাৰ যাতায়ত ১৫ দিনৰ বাবে নিষিদ্ধ কৰা হৈছে ৷ ২১ মে'ৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই নিৰ্দেশ কঠোৰভাৱে পালন কৰিবলৈ ইতিমধ্যে সাজু হৈছে চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহ । ইখন জিলাৰ পৰা সিখন জিলালৈ যাতায়ত কৰি কোনেও যাতে ক'ভিড সংক্ৰমণ অধিক বৃদ্ধি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লোৱা হৈছে ।

ইখন জিলাৰ পৰা সিখন জিলালৈ চলাচল কৰিব নোৱাৰিব কোনো ৰাজহুৱা আৰু ব্যক্তিগত বাহন । অৱশ্যে জৰুৰীকালীন সেৱা সমূহক এই ক্ষেত্ৰত ৰেহাই দিয়া হৈছে ।

লগতে পঢ়ক :গোলাঘাটত কেমেৰাত বন্দী বাঘৰ মুক্ত বিচৰণৰ দৃশ্য

ABOUT THE AUTHOR

...view details