গুৱাহাটী, ১০ অক্টোবৰ :ভাৰত চৰকাৰৰ এগৰাকী সুদক্ষ আৰু দায়িত্বশীল চোৰাংচোৱা বিষয়া, অসম সন্তান তপন ডেকাক শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ন্যস্ত কৰিছে অশান্ত কাশ্মীৰৰ দায়িত্ব । শেহতীয়াকৈ বিগত এটা সপ্তাহত কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ তৰিৎ গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে সুদক্ষ আই পি এছ বিষয়া ডেকাক তাৎক্ষণিকভাৱে কাশ্মীৰৰ দায়িত্ব ন্যস্ত কৰিছে ৷
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দায়িত্ব অৰ্পণ কৰাৰ পাছতেই শ্ৰীনগৰত উপস্থিত হয় এইগৰাকী চোৰাংচোৱা বিষয়া । উল্লেখযোগ্য যে, ১৯৮৮ বেটচৰ আই পি এছ বিষয়া তপন ডেকা সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ ইন্টেলিজেঞ্চ ব্যুৰ'ৰ বিশেষ সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে । বিগত এটা সপ্তাহত কাশ্মীৰত সন্ত্ৰাসবাদীয়ে কেইবাজনো নিৰীহ লোকক গুলীয়াই হত্যা কৰাৰ লগতে সমগ্ৰ উপত্যকাটোতে পুনৰ আতংকময় এক পৰিস্থিতিৰ সৃষ্টি কৰিছে ।