গুৱাহাটী, ৩১ মে : অত্যাধুনিক ৰূপত জিলিকি উঠিব ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰ (Latasil playground in Guwahati) । অতি শীঘ্ৰেই দূৰ হ’ব খেলুৱৈ সকলৰ দীৰ্ঘদিনীয়া সমস্যা । ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰৰ এক দীৰ্ঘদিনীয়া আশা ইতিমধ্যে পূৰণ হোৱাৰ দিশে আগবাঢ়িছে ৷ খেলপথাৰখন ন-ৰূপেৰে সজোৱাৰ বাবে পূৰ্ণোদ্যমে চলি আছে কাম ৷ দিনতেই নহয় নিশাও খেলুৱৈ সকলে অনুশীলন কৰিব পাৰিব লতাশিল খেলপথাৰত (Development of Latasil playground) ৷
বতৰে বিধি পথালি নিদিলে আৰু এমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব লতাশিল খেলপথাৰৰ কাম । খেলপথাৰখনত চাৰিটা স্থানত লাইট লগোৱাৰ ব্যৱস্থা কৰা হৈছে । প্ৰায় ৩৫ কোটি ব্যয় কৰি ৰাজ্যৰ ৭ খনকৈ খেলপথাৰত চলিছে লাইটৰ স্থাপনৰ কাম । ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগ আৰু বিত্ত বিভাগৰ অনুমোদন ক্ৰমে এই প্ৰকল্পৰ কাম আৰম্ভ হৈছে (Installation of floodlights in Latasil playground)৷
লোক নিৰ্মাণ বিভাগৰ তত্ত্বাৱধানত ৰাজ্যৰ লতাশিল খেলপথাৰ, মঙলদৈ, শোণিতপুৰ, যোৰহাট , ডিব্ৰুগড়, তিনিচুকীয়া, আৰু কৰিমগঞ্জ মুঠ ৭ খনকৈ খেলপথাৰত খেলুৱৈ সকলৰ অনুশীলনৰ সুবিধাৰ বাবে ক্ৰীড়া বিভাগে এই পদক্ষেপ লোৱা হৈছে ৷ লতাশিল খেলপথাৰৰ চোৱা চিতাৰ দায়িত্বত থকা লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়ে এই কথা ৷