গুৱাহাটী,2 জুন: বৃহস্পতিবাৰে অইল ইণ্ডিয়া লিমিটেডে (Oil India limited) অসমৰ যোৰহাট পাম্প ষ্টেচনত প্ৰতিদিনে 10 কিলোগ্ৰাম ক্ষমতাসম্পন্ন দেশৰ একমাত্ৰ বিশুদ্ধ সেউজীয়া হাইড্ৰ’জেন পাইলট প্ৰকল্প আৰম্ভ কৰে (India's first pure green hydrogen pilot plant commissioned) । এই হাইড্ৰ’জেন প্ৰকল্পটো স্থাপন কৰাৰ প্ৰক্ৰিয়া তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হৈছে ।
প্ৰকল্পটোৱে বৰ্তমান 500 কিলোৱাট সৌৰ প্ৰকল্পৰ দ্বাৰা উৎপাদিত বিদ্যুতৰ পৰা সেউজীয়া হাইড্ৰ’জেন উৎপাদন কৰিব । যি এনিয়ন এক্সচেঞ্জ মেম'ব্ৰেন (এ ই এম) ইলেক্ট্ৰলাইজাৰ এৰেৰ পৰা ১০০ কিলোৱাট ব্যৱহাৰ কৰে ।
এই প্ৰকল্পটো ভাৰতত প্ৰথমবাৰৰ বাবে ব্যৱহৃত অত্যাধুনিক প্ৰযুক্তি বুলি জানিব পৰা গৈছে । ইফালে অইল ইণ্ডিয়াই মিশ্ৰিত ইন্ধনৰ বাণিজ্যিক প্ৰয়োগৰ বাবে ব্যৱহাৰৰ ঘটনা অধ্যয়ন কৰাৰ পৰিকল্পনা কৰিছে । ইয়াৰ বাবে আই আই টি গুৱাহাটীৰ সহযোগত প্ৰাকৃতিক গেছৰ সৈতে পৰিষ্কাৰ হাইড্ৰ’জেনৰ মিশ্ৰণ আৰু অইলৰ বিদ্যমান আন্তঃগাঁথনিৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত এক অধ্যয়ন চলাই আছে বুলি জানিব পৰা গৈছে ।
এই সন্দৰ্ভত অইলৰ অধ্যক্ষ সুশীল চন্দ্ৰ মিশ্ৰই কয় যে, প্ৰকল্পটোৱে ভৱিষ্যতে ইয়াৰ সেউজীয়া হাইড্ৰ’জেনৰ উৎপাদন প্ৰতিদিনে ১০ কিলোগ্ৰামৰ পৰা ৩০ কিলোগ্ৰামলৈ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । লগতে ভাৰতে কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ সেউজীয়া হাইড্ৰ’জেনৰ পৰা পৰিষ্কাৰ শক্তি উৎপাদনৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলিও মন্তব্য কৰো অধ্যক্ষগৰাকীয়ে ।
লগতে এই বছৰৰ আৰম্ভণিতে শক্তি মন্ত্ৰালয়ে দশকটোৰ শেষৰ ফালে দেশৰ 5 নিযুত টন সেউজীয়া আৰু পৰিষ্কাৰ হাইড্ৰ’জেন উৎপাদনৰ লক্ষ্য প্ৰাপ্তিৰ বাবে সেউজ হাইড্ৰ’জেন নীতি ঘোষণা কৰিছিল বুলি উল্লেখ কৰে সুশীল চন্দ্ৰ মিশ্ৰই ৷