গুৱাহাটী, 10 এপ্ৰিল: ‘‘মোডী চৰকাৰ, ভাৰতৰ নাগৰিকৰ তেজখোৱা চৰকাৰ । হিতাধিকাৰী সৃষ্টিৰে জনতাক কিনিছে । দেশত আৰ্থিক সংকট দেখা দিবলৈ বেছি দিন নাই । শ্ৰীলংকাৰ নেপালৰ পৰিস্থিতি দিশে আগবাঢ়িছে দেশ (Indian economy heading towards becoming Nepal or Srilanka) ৷" দেওবাৰে অনুষ্ঠিত এখন সংবাদমেলত এইদৰে মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi criticizes BJP government over price hike) ৷
দেশত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত সৰৱ হৈ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ (Russia Ukraine war) ফলত ইন্ধনৰ মূল্য বৃদ্ধি হোৱা বুলি বিজেপি চৰকাৰে জনতাক মিছা প্ৰচাৰ চলাইছে বুলিও মন্তব্য কৰে । পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি (Fuel price hike in India) বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক জগৰীয়া কৰে বিধায়কগৰাকীয়ে ৷
বিধায়ক গগৈয়ে পূৰ্বৰ মনমোহন সিঙৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ মোদী চৰকাৰে পেট্ৰ’ল-ডিজেলত আৰোপ কৰা কৰৰ তুলনা কৰি কয় যে, আন্তৰ্জাতিক বজাৰত আজিৰ দিনটোত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য 102.80 ডলাৰ । 2014 চনৰ মে’ মাহত মনমোহন সিঙৰ চৰকাৰৰ দিনত খাৰুৱা তেলৰ প্ৰতি বেৰেলত দাম হৈছিল 105.7 ডলাৰ ।
কিন্তু বৰ্তমান সময়ৰ দৰে পেট্ৰ’ল-ডিজেলৰ মূল্য সেই সময়ত বৃদ্ধি হোৱা নাছিল । সিং চৰকাৰৰ দিনত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম সৰ্বাধিক 145 ডলাৰ হৈছিল ৷ পিছে সেই সময়ত দেশত প্ৰতিলিটাৰ পেট্ৰ’লত সৰ্বাধিক দাম আছিল 71.42 টকা ৷ একেদৰে প্ৰতিলিটাৰ ডিজেল 55.49 টকা ।