গুৱাহাটী, ১৫জুন:সেনা বাহিনীত ভৰ্তি হ'ব খোজাসকলক ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় কেবিনেটে মঙলবাৰে ভাৰতীয় যুৱক-যুৱতীসকলক সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাৰ বাবে এক আকৰ্ষণীয় নিযুক্তি আঁচনিত অনুমোদন জনাইছে । কেন্দ্ৰীয় চৰকাৰে সেনাৰ নিযুক্তি প্ৰক্ৰিয়াৰ ব্যাপক সাল-সলনি কৰি 'মিছন অগ্নিপথ' নামৰ এখন নতুন আঁচনি ঘোষণা কৰে (Indian army start Mission Agnipath) ।
আঁচনিখনৰ অধীনত দেশসেৱা কৰিব খোজা যুৱক-যুৱতীসকলক চাৰি বছৰৰ বাবে সেনাত নিযুক্তি দিয়া হ'ব । এনেদৰে নিযুক্তি পোৱাসকলক ‘অগ্নিবীৰ' আৰু ‘অগ্নিবীৰাংগনা' হিচাপে অভিহিত কৰা হ'ব । দশম আৰু দ্বাদশ শ্ৰেণী উত্তীর্ণ ১৭ বছৰৰপৰা ২১ বছৰ বয়সৰ যুৱক-যুৱতীসকলে অগ্নিপথ আঁচনিৰ জৰিয়তে সেনাত নিযুক্তিৰ সুযোগ পাব ।