গুৱাহাটী, 25 ফেব্ৰুৱাৰী: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুকুৰবাৰৰ নিশাটো কইনাধৰাৰ অতিথিশালাত কটাই শনিবাৰে পুৱা খানাপাৰা খেলপথাৰত নিৰ্মাণ কৰা হেলিপেডৰ পৰা ভাৰতীয় বায়ু সেনাৰ এম আই-১৭ শ্ৰেণীৰ অত্যাধুনিক হেলিকাপ্তাৰে তেজপুৰলৈ যাব । ৰাষ্ট্ৰপতি গৰাকীৰ খানাপাৰাৰ পৰা তেজপুৰ আৰু কাজিৰঙা ভ্ৰমণত ব্যৱহৃত হ'ব ভাৰতীয় বায়ু সেনাৰ অত্যাধুনিক হিচাপে পৰিচিত আৰু ছােভিয়েট ৰাছিয়াত নির্মিত এম আই-১৭ হেলিকাপ্তাৰ (Indian Air Force's MI 17 helicopter ) ।
তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ সমাৱর্তন অনুষ্ঠানত ভাগ লৈ ৰাষ্ট্রপতি গৰাকী পুনৰ হেলিকাপ্তাৰে বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাব আৰু নিশাটো তাতে কটাব ( (MI 17 helicopter ready to serve president Kovind ) । উল্লেখ্য যে, খানাপাৰা খেলপথাৰত ৰাষ্ট্ৰপতিৰ আগমণ উপলক্ষে বিগত দুদিন ধৰি দিনে নিশাই কাম কৰি লোক নির্মাণ বিভাগৰ দিছপুৰ ক্ষেত্রীয় পথ সংমণ্ডলে নির্মাণ কৰিছে চাৰিখনকৈ সুদৃশ্য হেলিপেড । আনকি অসম চৰকাৰৰ লোক নির্মাণ বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্পৰায়ে নিজে খানাপাৰা খেলপথাৰত বাহৰ পাতি হেলিপেড নির্মাণ কার্যৰ তদাৰক কৰে ।
উল্লেখ্য যে, ৰাষ্ট্ৰপতিগৰাকীৰ খানাপাৰাৰ পৰা তেজপুৰ আৰু কাজিৰঙা ভ্ৰমণত ব্যৱহৃত হ'ব ভাৰতীয় বায়ু সেনাৰ অত্যাধুনিক হিচাপে পৰিচিত আৰু ছোভিয়েট ৰাছিয়াত নির্মিত এম আই-১৭ হেলিকাপ্তাৰ । বৃহস্পতিবাৰে বৰঝাৰত থকা ভাৰতীয় বায়ু সেনাৰ ঘাটিৰ পৰা তিনিখনকৈ এম আই-১৭ হেলিকাপ্তাৰে খানাপাৰাত নির্মাণ কৰা হেলিপেডত কেইবাবাৰো উৰণ অৱতৰণৰ পৰীক্ষণ কার্য সম্পন্ন কৰা হয় ।