গুৱাহাটী, 8 নৱেম্বৰ : ৰাজ্যত পুনৰ বৃদ্ধি পাব সুৰাৰ দাম ৷ ঋণৰ ওপৰত ঋণ লৈ হিতাধিকাৰীক সন্তুষ্ট ৰখাৰ আঁচনি ৰূপায়নত ব্যস্ত থকা বৰ্তমানৰ চৰকাৰখন ৰাজহ ঘাটিত কোঙা হৈ পৰিছে । ফলত ৰাজ্য চৰকাৰৰ বাবে সম্প্ৰতি আবকাৰী শুল্ক বৃদ্ধি বাহিৰে কোনা বিকল্প নাই । সেয়ে পেট্ৰ'ল ডিজেলৰ ওপৰত ভেট হ্ৰাস কৰাৰ পাছত ৰাজ্যৰ অর্থনৈতিক বিপর্যয় জোৰা মৰাৰ বাবে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কেবিনেটৰ চকু পৰিছে সুৰাৰ ওপৰত(Assam plans to increase revenue through liquor) । চৰকাৰৰ এই সিদ্ধান্তই সুৰাপায়ীৰ বাবে দুঃখবৰ কঢ়িয়াই আনিছে ৷
আবকাৰী বিভাগৰ জাননী অনুসৰি, 10 ডিচেম্বৰৰ পৰা ৰাজ্যত সুৰাৰ ওপৰত বৰ্ধিত আবকাৰী শুল্ক প্ৰযোজ্য হ'ব । ফলত 10 ডিচেম্বৰৰ পৰাই বৃদ্ধি পাব সুৰাৰ দাম(Excise duty to increase in Assam) । ইয়াৰোপৰি ৰাজ্যৰ গাঁৱে-ভূঞে দেশীয় সুৰা আৰু বিদেশী সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা আৰম্ভ কৰাৰ পাছতে এইবাৰ চৰকাৰে সুৰাৰ ওপৰতো কৰৰ পৰিমাণ বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে ৷
জানিব পৰা মতে চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি, বিলাতী সুৰাৰ ক্ষেত্ৰত 10 শতাংশ পৰা সৰ্বোচ্চ 15 শতাংশ পর্যন্ত আবকাৰী শুল্ক বৃদ্ধি কৰা হৈছে (Assam government has decided to increase the liquor prices up to 15 per cent)। এই নিৰ্দেশনা অনুসৰি এইবাৰ ক্লাছিক প্ৰিমিয়াম ব্ৰেণ্ডৰ সুৰাৰ ক্ষেত্ৰত সৰ্বাধিক শুল্ক বৃদ্ধি পাব । লগতে বীয়েৰৰ দাম ন্যূনতম 5-10 টকা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । আনহাতে আবকাৰী বিভাগে ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে এইবাৰ ইলিজেণ্ট ব্লেণ্ড হিচাপে নতুন নিৰিখৰ ব্যৱস্থা গ্ৰহণ কৰিছে । সেয়ে সৰ্বাধিক 300 টকা পর্যন্ত সুৰাৰ ওপৰত শুল্ক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷