গুৱাহাটী, ২৬ নবেম্বৰ :পুনৰ বৃদ্ধি পাব সুৰাৰ মূল্য । দামী বিলাতী সুৰাৰ মূল্য ১৫ শতাংশ পৰ্যন্ত বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ । কমদামী বিলাতী সুৰাৰ মূল্য ৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাব । ইতিমধ্যে ৰাজ্যৰ কেবিনেটত এইক্ষেত্রত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অচিৰেই কাৰ্যকৰী হ'ব এই মূল্যবৃদ্ধি । সহজে অনুমেয় যে, ইয়াৰ অন্তৰালত আছে ৰাজহ বৃদ্ধিৰ পৰিকল্পনা । ৰাজ্য চৰকাৰে ভেট হ্ৰাস কৰাৰ ফলত পেট্ৰ'ল-ডিজেলৰ মূল্য কিছু হ্ৰাস পোৱাৰ বিপৰীতে ৰাজহ কমি গ'ল । যাৰবাবে এইবাৰ চৰকাৰৰ চকু পৰিছে সুৰাৰ ওপৰত(state government is to collect revenue through liquor ) ।
পেট্ৰ'ল-ডিজেলৰ ক্ষতি পূৰাবলৈ নির্লিপ্ত সুৰাপায়ীক একপ্ৰকাৰ ধন্যবাদ জনাই পুনৰ মদৰ মূল্যবৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । চৰকাৰৰ এই সিদ্ধান্তই সুৰাপায়ীৰ বাবে দুঃখবৰ কঢ়িয়াই আনিছে । শীঘ্ৰেই ৰাজ্যত বৃদ্ধি পাব আবকাৰী শুল্ক (excise duty to increase in Assam) । ৰাজ্য চৰকাৰৰ ৰাজহ ঘাটি জোৰা মৰাৰ লক্ষ্যৰে অৱশেষত আবকাৰী শুল্ক বৃদ্ধি কৰি সুৰাৰ দাম বঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে ।
বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত আবকাৰী শুল্ক বৃদ্ধিৰ সিদ্ধান্তত ইতিমধ্যে চীল-মােহৰ মাৰিছে মন্ত্ৰী পৰিষদে । ক'ভিডৰ পাছতেই ৰাজহ সংগ্ৰহৰ প্রায় সকলাে উৎস স্থবিৰ হৈ পৰাত আৱকাৰী ৰাজহৰ ওপৰতেই চৰকাৰ সম্পূর্ণ নির্ভৰশীল হৈ পৰিছে ।