নিউজ ডেস্ক, 4 নৱেম্বৰ : ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি হৈছে কৰ’ণা (Corona) ৰোগীৰ সংখ্যা ৷ চৰকাৰে লক ডাউন (Lockdown) বহু পৰিমাণে শিথিল কৰাৰ পিছত কৰ’ণা ৰোগীৰ সংখ্যা লাহে লাহে বাঢ়ি গৈছে ৷ বিগত 24 ঘণ্টাত ৰাজ্যত ক'ভিড 19 ত আক্ৰান্ত হয় প্ৰায় 276 গৰাকী আৰু আৰোগ্য লাভ কৰে 365 গৰাকীয়ে ৷ ইাৰ বিপৰীতে মৃত্যু হয় 4 গৰাকীৰ ৷
বৰ্তমান ৰাজ্যত ক'ভিডত (COVID-19) আক্ৰান্তৰ সংখ্যা 6,015 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 6,01,468 গৰাকীয়ে ৷ তদুপৰি মৃত্যুৰ হাৰ .98 শতাংশ বুলি স্বাস্থ্য বিভাগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৷